আমি দিনৰ ভাগত সূৰ্য্যৰ পৰা পোহৰ আৰু তাপ পাওঁ ৷ সূৰ্য্যৰ পৰা পোৱা এই পোহৰ আৰু তাপ শক্তিৰ একোটা ৰূপ মাথোন ৷ সূৰ্য্য হ’ল শক্তিৰ অপৰিসীম উৎস ৷ এই উৎসৰ পৰা তাপ আৰু পোহৰৰ ৰূপত বিকীৰিত হোৱা শক্তিৰ এক ক্ষুদ্ৰ অংশ আহি পৃথিৱীত পৰে আৰু সেই শক্তিৰ ওপৰত নিৰ্ভৰ কৰিয়েই পৃথিৱীত জীৱৰ বিকাশ সম্ভৱ হৈছে ৷ সূৰ্য্যৰ পৰা প্ৰত্যক্ষ আৰু পৰোক্ষ্যভাৱে পৃথিৱীত আহি পৰা পোহৰ আৰু তাপ শক্তিকেই আমি সৌৰ শক্তি বুলি কওঁ ৷ এই পোহৰ আৰু তাপ শক্তিয়েই পৃথিৱীত বিভিন্ন জীৱ আৰু উদ্ভিদ জগতৰ চালিকা শক্তি ৷ আদিম কালৰে পৰা মানুহে সূৰ্য্যৰ পোহৰ আৰু তাপ শক্তিক জীৱন নিৰ্বাহৰ বেলেগ বেলেগ দিশত প্ৰয়োগ কৰি আহিছে ৷ আমাৰ দৈনন্দিন জীৱনত সৌৰ শক্তিৰ প্ৰয়োজনীয়তা আৰু ব্যৱহাৰ অপৰিসীম৷ সৌৰ শক্তি ব্যৱহাৰ কৰিব পৰা কেইবিধমান প্ৰযুক্তি ১) সৌৰ চৌকা ৷ ২) সৌৰ লেম্প ৷ ৩) বিজুলী চাকি ৷ সৌৰ চৌকা সৌৰ চৌকা (solar cooker) হ’ল সৌৰ তাপ শক্তিৰ সহায়ত ৰান্ধিব পৰা এটা সহজ যন্ত্ৰ৷ সৌৰ চৌকাত ৰন্ধাৰ সময়ত কোনো ধৰণৰ খৰি, তেল, গেছ বা বিদুৎ ব্যৱহাৰ কৰা নহয় ৷ সৌৰ চৌকাত সূৰ্য্যৰ পোহৰত থকা তাপ শক্তিৰ উপযুক্ত ধৰণে কামত লগাই ৰন্ধা কাম কৰিব পাৰি ৷ সৌৰ চৌকাত ৰন্ধা কোনো বস্তুত গোন্ধ নোলায়, খাদ্যৰ গুনাগুণ অটুট থাকে আৰু ৰন্ধাৰ সময়ত কোনো ধৰণৰ ধোঁৱা নোলায়৷ সৌৰ চৌকাৰ অংশসমূহ আৰু ইয়াৰ কাৰ্য্য প্ৰণালী ১)এখন সমতল দাপোন ২)ক'লা ৰঙৰ ৰন্ধা পাত্ৰ ৩)স্বচ্ছ কাঁচৰ ঢাকনী ৪) ভিতৰ ফালৰ বাকচ ৫) বাহিৰ ফালৰ বাকচ ৬) হেণ্ডেল ৭) কব্জা ৮) গ্যাচকেট ৯) কঢ়িয়াই ফুৰাৰ সুবিধাৰ্থে বাকচৰ তলত থকা চকা আদি সৌৰ চৌকাত কেনেদৰে ৰান্ধিব ১) সূৰ্য্যৰ পোহৰ পোনপতিয়াকৈ পৰিব পৰাকৈ সৌৰ চৌকাটো ৰাখক ৷ সাধাৰণতে ঘৰৰ বাৰান্দা, চোতাল আদি পৰিস্কাৰ ঠাইত য’ত ছা নপৰে ৷ ২) সৌৰ চৌকাৰ দাপোনখন এনেদৰে ৰাখক যাতে সূৰ্য্যৰ ৰশ্মি দাপোন খনত পোনপতীয়াকৈ পৰে ৷ ৩) সৌৰ চৌকাটো দক্ষিণফালে মুখ কৰি ৰাখক যাতে গোটেই দিনটো সূৰ্য্যৰ পোহৰ পৰি থাকে ৷ সৌৰ চৌকাত কি কি ৰান্ধিব পাৰে সৌৰ চৌকাত ভাত, দালি, শাক-পাচলি আদি বহুবিধ নিৰামিষ খাদ্যবস্তু তৈয়াৰ কৰিব পাৰি ৷ আমিষ আহাৰৰ ভিতৰত যিখিনি সিজাই খোৱা হয় সেইখিনি যেনে – মাংস, কণী আদি ইয়াত ৰান্ধিব পাৰি ৷ ইয়াত বিশেষকৈ সিজোৱা বা ভাপত দি খোৱা খাদ্যবস্তু তৈয়াৰ কৰিবলৈ সহজ ৷ কেক্, বিস্কুট, আচাৰ আদি প্ৰস্তুত কৰিবৰ বাবে সৌৰ চৌকা এক উত্তম আহিলা৷ ৰন্ধনৰ সময় ঘাইকৈ নিৰ্ভৰ কৰে সূৰ্য্যৰ ৰশ্মিৰ উত্তাপ আৰু খাদ্যখিনি ৰন্ধাৰ সময়ত পানীত কোমলাই লোৱা হৈছিল নে নাই ইত্যাদি কথাৰ ওপৰত৷ গৰমকালি পুৱা ৯ বজাৰ আবেলি ৪ বজালৈ আৰু জাৰকালি পুৱা ১০ বজাৰ পৰা আবেলি ৩ বজালৈ সৌৰ চৌকাত ৰান্ধিব পাৰিব৷ সৌৰ চৌকাৰ সুবিধাসমূহ ১) ইয়াত একেলগে কেইবাবিধো বস্তু ৰান্ধিব পাৰি ৷ ২) সৌৰ চৌকাত কম তাপত ৰান্ধিব পাৰি বাবে খাদ্যগুণ অটুট থাকে ৷ ৩) ইয়াত ৰন্ধনৰ মুঠ সময় আৰু শক্তি কম লাগে ৷ ৪) ইয়াৰ দ্বাৰা পৰিবেশ প্ৰদূষিত নহয় ৷ ৫) ৰন্ধা বস্তুখিনি বহু সময় গৰমে ৰাখিব পাৰি ৷ ৬) বিনামূলীয়া সৌৰতাপৰ বাদে আন কোনো ইন্ধনৰ প্ৰয়োজন নহয় ৷ ৭) ইয়াত ধোঁৱা, চাই আদি নোলায় বাবে পৰিয়ালৰ স্বাস্হ্য ৰক্ষাত সহায়ক হয় ৷ ৮) সৌৰ চৌকাৰ বিভিন্ন অংশ সমূহ কম মূল্যত আৰু সহজতে পোৱা যায় ৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।