আমাৰ সৌৰজগতৰ শক্তিৰ উৎস হ’ল সূৰ্য৷ সূৰ্যটো হ’ল এটা জ্বলন্ত আগ্নেয়পিণ্ড৷ ইয়াৰ বিষুৱীয় গড় ব্যাস ১৩,৮৩,৯১৭ কিঃমিঃ, পৃথিৱীৰ ১০৯ গুণ৷ সূৰ্যটো ৯০% হাইড্ৰ’জেন, ৮% হিলিয়াম আৰু মাত্ৰ ২% আন গধুৰ মৌলৰে গঠিত৷

সূৰ্যৰ অভন্ত্যৰত ঘটি থকা সংযোজন বিক্ৰিয়াৰ বাবে অনবৰতে শক্তিৰ উৎপন্ন হৈ থাকে৷ প্ৰচণ্ড তাপ আৰু চাপৰ ফলত হাইড্ৰ’জেন হিলিয়ামলৈ পৰিৱৰ্তন হয় যিয়ে বিপুল শক্তি উৎপন্ন কৰে৷ পৃথিৱীৰ দৰে সূৰ্যৰো গতি আছে৷

ই ২৫ দিন ৯ ঘণ্টা ৭ মিনিটত নিজৰ অক্ষৰ ওপৰত আৱৰ্তন কৰাৰ লগতে মহাকাশতে এক নিদিষ্ট দিশত গতি কৰাৰ উপৰিও সূৰ্যৰ লগত বান্ধ খাই থকা গ্ৰহ, উপগ্ৰহ, বামন গ্ৰহ সকলোবোৰক লৈ হাতীপটি নক্ষত্ৰপুঞ্জৰ কেন্দ্ৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰে৷

সূৰ্যটো কিছুমান অতি পাতল গেছেৰে পৰিপূৰ্ণ৷ ই পৃথিৱীত কৈ ১,৩০,০০০ গুণে ডাঙৰ৷ সূৰ্যটো কেৱল হাইড্ৰ’জেন, হিলিয়াম আৰু পাতল গেছেৰে পৰিপূৰ্ণই নহয় যথেষ্ট পৰিমাণে উদ্ভৱ হোৱা বিদ্যুতৰ সোঁতৰ ফলত ইয়াত কিছু চুম্বকীয় ক্ষেত্ৰও আছে যিবোৰ ক’লা দাগ হিচাপে পৰিলক্ষিত হয়৷

হেনৰিক শ্বেনমাৰ্ক (Henrik Svensmark)নামৰ জাৰ্মান বিজ্ঞানী এজনে পোনপ্ৰথমে এই দাগসমূহৰ প্ৰতি আকৃষ্ট হয়৷ পিছত এই দাগবোৰক সৌৰ কলংক বুলি অভিহিত কৰা হয়৷

সূৰ্যৰ অন্তঃভাগৰ উত্তাপ ১৪ নিযুত ডিগ্ৰী চেলচিয়াছ, পৃষ্ঠ ভাগৰ উত্তাপ প্ৰায় ৬ হাজাৰ ডিগ্ৰী চেলচিয়াছ, আনহাতে ইয়াৰ ওপৰৰ গেছীয় অঞ্চলৰ উত্তাপ অস্বাভাৱিকভাৱে বেছি, ইয়াৰ উত্তাপ ১ কোটি ডিগ্ৰী চেলচিয়াছ৷

মহাকাশৰ যিবোৰ বস্তুৰ নিজা শক্তি থাকে সেইবোৰক নক্ষত্ৰ বোলা হয়৷ আমাৰ সৌৰজগতৰ শক্তিৰ উৎস সূৰ্যও এনে এটা নক্ষত্ৰ৷ ব্ৰহ্মাণ্ডৰ কোনো বস্তুৱে স্থায়ী নহয়৷ আমি সদায় দেখি থকা সূৰ্য বা অনান্য নক্ষত্ৰবোৰৰো এদিন অন্তিম অৱস্থা আহিব৷

প্ৰতিটো নক্ষত্ৰৰে এদিন নিজা জ্বলন্ত ইন্ধন মানে হাইড্ৰ’জেন শেষ হৈ হিলিয়ামলৈ পৰিবৰ্তন হ’ব তেতিয়াই এই নক্ষত্ৰই অন্তিম সময়ত উপনীত হ’ব৷

আকাৰভেদে নক্ষত্ৰবোৰৰ অন্তিম ৰূপ ভিন্ন হয়৷ কিছুমানৰ ছুপাৰন’ভা বিষ্ফোৰণ ঘটে কিছুমান কৃষ্ণগহ্বৰলৈ, কিছুমান শ্বেত বামন-তৰালৈ, কিছুমান নিউট্ৰ’ন তৰা বা পালছাৰলৈ পৰিবৰ্তন হয়৷

সূৰ্যতকৈ প্ৰায় ৮ গুণ বেছি ভৰৰ তৰাবোৰৰ বাৰ্ধক্যজনিত মৃত্যুৰ সময়ত এনে তৰাবোৰ একোটা অতি উজ্জ্বল তৰা বা চুপাৰন’ভা লৈ পৰিবৰ্তিত হয় এনে অৱস্থাত প্ৰকৃততে তৰাটোৰ বাহিৰৰ আৱৰণখন বিষ্ফোৰণৰ দ্বাৰা চিটিকি যায় আৰু ভিতৰৰ আৱৰণখন তৰাটোৰ মাধ্যাকৰ্ষণৰ ফলত ক্ৰমান্বয়ে সংকুচিত হবলৈ ধৰে৷

এই মাধ্যকৰ্ষণিক বল ইমানেই শক্তিশালী যে তৰাটোৰ অভ্যন্তৰত থকা পৰমাণুবোৰো প্ৰভাৱিত হয়৷ এনে অৱস্থাত তৰাটোৰ কেন্দ্ৰভাগত থকা পৰমাণুবোৰৰ প্ৰ’টন আৰু ইলেকট্ৰণবোৰ একেলগে বান্ধ খাই নিউট্ৰনলৈ ৰূপান্তৰ হয়৷

এই তৰাবোৰৰ কেন্দ্ৰভাগৰ মাধ্যাকৰ্ষণৰ মান আমাৰ পৃথিৱীৰ মাধ্যাকৰ্ষণৰ প্ৰায় ২০০০০০০০০০০০ গুণ বেছি হয়! এই প্ৰচণ্ড মাধ্যাকৰ্ষণৰ বাবে ভৰ অনুসৰি তৰাবোৰ বিষ্ফোৰিত হৈ একোটা ছুপাৰন’ভা বা সংকুচিত হৈ একোটা কৃষ্ণগহ্বৰলৈ পৰিবৰ্তন হয়৷

আনহাতে সূৰ্যৰ দৰে কম ভৰৰ তৰাবোৰ একোটা শ্বেত-বামণ তৰালৈ পৰিবৰ্তন হয়৷ কিন্তু সূৰ্যতকৈ প্ৰায় ৪ গুণ মান ডাঙৰ তৰাবোৰ তুলনামূলকভাৱে কম ভৰযুক্ত হোৱা বাবে এনেবোৰ তৰা কৃষ্ণ-গহ্বৰ হোৱাৰ সলনি একোটা নিউট্ৰন তৰা বা পালছাৰ হিচাবে ৰৈ যায়৷

সঁচাকৈ বিচিত্ৰ নহয়নে এই ব্ৰহ্মাণ্ড এই তৰা তথা নক্ষত্ৰৰ জীৱন চক্ৰ৷ আমাৰ সূৰ্যটোৰ অন্তিম অৱস্থা হ’ব এক শ্বেত বামণ তৰা৷

সূৰ্যৰ এক বিচিত্ৰ তথ্য, কিন্তু সত্য! আপুনি জানেনে সূৰ্যৰ পৰা যি পোহৰ আমাৰ পৃথিৱীত আজি পৰিছেহি সেই পোহৰ আজিৰ পৰা প্ৰায় ৪০ হাজাৰ বছৰ আগতে সূৰ্যৰ কেন্দ্ৰত সৃষ্টি৷ ইয়াৰ কাৰণ হ’ল সূৰ্যৰ অত্যধিক ঘনত্ব আৰু সূৰ্যত অবিৰত ভাবে ঘটি থকা নিউক্লিয় সংযোজন বিক্ৰিয়া৷

সূৰ্যৰ কেন্দ্ৰত এবাৰ ফ’ট’ন কণাৰ উৎপন্ন হ’লে তাক পুনৰ হাইড্ৰ’জেন পৰমাণুৱে শোষণ কৰি লয়৷ আকৌ ফ’ট’ন কণাৰ উৎপত্তি হয় যদিও পুনৰ একেধৰণে শোষণ কৰি পেলায়৷ এই কাৰ্য পৌনপৌনিক ভাবে ঘটি থাকে৷ এই কাৰ্যৰ মাজেৰে সূৰ্যৰ কেন্দ্ৰত সৃষ্টি হোৱা এটা ফ’ট’ন অণুক একা বেকা পথেৰে ৭ লাখ কিঃমিঃ পথ অতিক্ৰমি সূৰ্যৰ পৃষ্ঠ পাবলৈ সময় লাগে প্ৰায় ৪০ হাজাৰ বছৰ আনহাতে এই ফ’ট’ন অণুক ১৫ কোটি কিঃমিঃ অতিক্ৰমী পৃথিৱী পাবলৈ সময় লাগে মাথো ৮ মিনিট ১৮ ছেকেণ্ড৷

লেখক: পংকজ বৰুৱা

উৎস: সাহিত্য.অৰ্গ