আজি গাৱঁলৈ টি-ভি আহিছে, পথাৰত পানী তুলিবলৈ চলিছে মটৰ। মহদা মাষ্টৰে আকৌ কিবা বোলেনে ফ্ৰিজ আনিছে। তাতে বৰফ বনাব পাৰি, শাক-পাচলি, আঞ্জা, মাছ আদি নষ্ট নোহোৱাকৈ ৰাখি থ’ব পাৰি। পথাৰৰ মাজে মাজে ঠিয় হৈ আছে কিছুমান ওখ খুটা, সেইবোৰৰ ওপৰত আছে তিনিডাল মাত্ৰ তাঁৰ। তাৰ মাজেদি আহে বিজুলী শক্তি। কম শক্তি আহে নে? সন্ধিয়া চুইছ টিপি দিয়াৰ লগে লহে বালববোৰ জ্বলিব, গৰম লাগিলে ফেনৰ চুইছ টিপক। টি ভি চাবৰ মন গলেই টি-ভিৰ চুইছ। পথাৰত পানী সিঁচিবলৈ মটৰো চলাব পাৰি বিজুলীৰ সহায়েৰে। যোৱাবেলি ৰহিমে ভালদৰে পানী সিঁচি কৰি, মটৰ আৰু বিলাহীৰ খেতি কৰিলে, নহ’লেও দহ হাজাৰ টকাৰ পাচলি বিক্ৰী কৰিছে হেনো। বাৰিষা পথাৰত বানপানী আহে। বিজুলীৰ খুটা হালি পৰে, বাগৰি যায়। সেই তাঁৰ চুৰ কৰি কাটিবলৈ গৈ ভৱেন চোৰ আৰু পুতেক মৰিল। ৰঘুৰ গৰুহালৰ এটা তাঁৰত লাগি মৰি থাকিল। ৰমিলাই আকৌ ঘৰতে এদিন তাঁৰ চুই বাগৰি পৰিল। বহুত যত্নৰ পাছতহে সেই বেলিলৈ বাছিল। এদিন ৰতিৰামৰ খেৰৰ ঘৰত বিজুলী তাঁৰৰ পৰা জুই লাগিব ধৰিছিল পিছে কণ মইনাই দেখিলে বুলিহে ৰক্ষা। আমি জানো জুই ব্যৱহাৰ কৰোতে সাৱধান নহওঁ? চোকা দাখন য’তে ত’তে পেলাই থওঁনে? বিজুলীৰ ক্ষেত্ৰতো একেই কথা- সাৱধানীৰ মৰণ নাই আৰু জ্ঞানৰ সমান নিৰাপত্তা নাই। আহক- আমি বিজুলীৰ বিষয়ে দুই- চাৰিটা প্ৰয়োজনীয় কথ জানিবলৈ যত্ন কৰোঁঃ প্ৰথম কথাঃ বিজুলী শক্তি তাঁৰৰ মাজেদি বিজুলী সোঁত বা কাৰেণ্ট হিচাপে বৈ আহে। ট্ৰ্চৰ চেলৰ পৰাও বিজুলী সোঁত পাওঁ। সেই সোঁতে সৰু বালব জ্বলাব পাৰে। টৰ্চৰ চেল কেইটামান লগ-লগাই ৰেডিঅ’, টেপ-ৰেকৰ্ডাৰ আদিও বজাব পাৰি। মনত ৰাখিব চেলটো বিজুলী শক্তি উৎপাদন কেন্দ্ৰ। মটৰ গাড়ীৰো বেটাৰী (কেইবাটাও চেলৰ সমষ্টি) আছে। সেইবোৰ টৰ্চৰ বেটাৰিতকৈ ডাঙৰ আৰু অধিক শক্তিশালী। পিছে আমাৰ ঘৰলৈ অহা বিজুলী, বেটাৰিৰ পৰা নাহে। এখন চহৰ বা ডাঙৰ গাঁৱৰ (আন নালাগে) আটাইবোৰ বালব জ্বলাবলৈ কিমানবোৰ বেটাৰিৰ প্ৰয়োজন হ’ব- কল্পনা কৰকচোন। আমাৰ ঘৰলৈ তাঁৰেৰে অহা বিজুলী শক্তি বহুত দূৰত (যেনে- বঙাইগাওঁ, চন্দ্ৰপুৰ, নামৰূপ, উমিয়াম (মেঘালয়), লোগটোক (মণিপুৰ) আদিত) উৎপন্ন হয়। (বেটাৰিৰ বিজুলী সোঁত ডি-চি আৰু তাঁৰেৰে ঘৰলৈ অহা বিজুলী সোঁত এ-চি নামেৰে জনাজাত) সকলো বস্তুৰ মাজেদি বিজুলী সোঁত বয় নে? নবয়। তাম, এলুমিনিয়াম, লো আদিৰ মাজেদি বিজুলী সোঁত সহজে বয়। সকলো ধাতু, মানুহ তথা জীৱৰ শৰীৰ, জীপাল মাটি, কেঁচা/তিতা বাঁহ বা কাঠৰ মাজেদি বিজুলী সোঁত বৈ যাব পাৰে। আনহাতে ৰবৰ, প্লাষ্টিক, কাগজ, শুকান বাঁহ/কাঠ আদিৰ মাজেদি বিজুলী সোঁত সহজে নবয়। ধাতুবোৰক বিজুলীৰ সুপৰীবাহী আৰু প্লাষ্টিক, ৰবৰ, কাগজ আদিক কুপৰিবাহী বুলি কয়। এতিয়া সমস্যা এটা মন কৰকঃ বিজুলী শক্তি পৰিবাহী তাঁৰৰ মাজেদি বৈ আহে। কিন্তু কিবাকৈ এনে তাঁৰ আমি শুদা হাতেৰে চুলে বিজুলী-আঘাত পাওঁ। কাৰণ তেতিয়া আমাৰ শৰীৰৰ মজেদি বিজুলী বৈ গৈ আমাৰ শৰীৰ অৱশ কৰি পেলায়। গতিকে ঘৰৰ ভিতৰত আৰু মানুহ/জীৱৰ গাত লাগিব পৰা ঠাইত বিজুলী তাঁৰৰ ওপৰত যেন প্লাষ্টিক/ৰবৰৰ আৱৰণ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। বিজুলী জন্মৰ আগৰ বিজুলীঃ নগৰ, চহৰ, গাওঁ-ভূঁই, পথাৰ, কাৰখানা- আজি সকলোতে বিজুলীৰেই ব্যৱহাৰ। পিছে মাত্ৰ এশ বছৰ আগতেও পৃথিৱীৰ কোনো অংশতে বিজুলী সাধাৰণ মানুহে ব্যৱহাৰ নকৰিছিল। কিন্তু, তেতিয়াও বিজুলী আছিল। মেঘে গৰজাৰ আগে আগে বিজুলীৰ চিক্মিকনি কোনে দেখা নাই। অলপ সময়ৰ বাবে আকাশত বিজুলীৰ খেল- তাৰ পাছতে গুৰ্-গুৰ্কৈ সদাশিৱৰ ডম্বৰূৰ শব্দ। আচলতে কথাটো কি? আকাশত মেঘে মেঘে ঘহনি খাই- মেঘৰ চপৰাত জমা হয় বহুতো বিজুলী বা বৈদ্যুতিক আধান। সেই আধান, কেতিয়াবা এচপৰা মেঘৰ পৰা আন চপৰালৈ যাওঁতে তীব্ৰ পোহৰৰ চিক্মিকনিৰ সৃষ্টি কৰে। কেতিয়াবা সেই আধান বৈ আহে পৃথিৱীলৈ- তেতিয়া আমি বজ্ৰপাত হোৱা বুলি কওঁ। ওখ ঘৰ বা ওখ গছ মেঘৰ বেছি ওচৰত থাকে। সেইবাবে এনে বস্তুৰ মাজেদি বিদ্যুত ভূমিলৈ অহাত বেছি সুবিধা। গতিকে বজ্ৰপাত হৈ ওখ ঘৰ, গছ আদিৰ বেছি ক্ষতি হয়। মেঘে বেছিকৈ গৰজিলে পথাৰৰ মাজত থকা ওখ গছৰ তলত কেতিয়াও আশ্ৰয় নল’ব। ফণীৰেও বিজুলীঃ বতৰ শুকান, চুলিও শুকান- এনে বতৰত প্লাষ্টিকৰ ফণীৰে মূৰ ফণিয়াই সৰু সৰু কাগজৰ টুকুৰাৰ ওচৰত ধৰিলে টুকুৰাবোৰ ফণীয়ে টানি আনে। ইয়ো বিজুলীৰে খেল। বিজুলী শক্তিৰ ব্যৱহাৰঃ বিজুলী শক্তিক বিভিন্ন আহিলাৰে বিভিন্ন প্ৰয়োজনীয় শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰি। যেনেঃ- আহিলা শক্তি ব্যৱহাৰ বাল্ব পোহৰ, তাপ ঘৰ পোহৰাবলৈ ব্যৱহাৰ কৰা হয় হিটাৰ, ইস্ত্ৰি তাপ গৰম পাবলৈ আৰু তাপৰ দ্বাৰা কাম কৰিবলৈ মটৰ যান্ত্ৰিক বিভিন্ন যন্ত্ৰ-পাতি যেনে- ৰেল, পাম্প, কাৰখানা আদি চলাবলৈ। ৰেডিঅ’ শব্দ ৰেডিঅ’ সংকেতৰ গ্ৰাহক যন্ত্ৰ চলাবলৈ টি-ভি শব্দ/পোহৰ টি-ভি সংকেতৰ গ্ৰাহক যন্ত্ৰ চলাবলৈ বিদ্যুৎ- চুম্বক চৌম্বিক নানা ধৰণৰ কাম কৰিবলৈ। ঘৰত বিজুলীঃ বিজুলীৰ যোগান ধৰে ৰাজ্যিক ইলেক্ট্ৰিছিটি বোৰ্ডে বা বিদ্যুৎ পৰিষদে। খুটাটোৰ পৰা আপোনাৰ মিটাৰ- বক্স/মেইন চুইছলৈ সংযোগ দিয়াৰ দায়িত্ব পৰিষদৰ। ঘৰৰ ভিতৰত নিৰাপত্তাৰ বাবে আপুনি নিজেই ব্যৱস্থা ল’ব লগিব। অলপ চিন্তা কৰকঃ খুটাত থকা তাঁৰৰ মাজেদি এটা চুবুৰীৰ বাবে লগা আটাইখিনি বিজুলী শক্তি নাহে নে বাৰূ? সেই আটাইখিনি শক্তি যদি কিবা প্ৰকাৰে আপোনাৰ ঘৰৰ তাঁৰেৰে বৈ আহে- কি অৱস্থা হ’ব বাৰু? তেনেকুৱা দুৰ্ঘটনা সাধাৰণতে নঘটে সাধাৰণতে নঘটে আৰু ঘটিলেও বিপদৰ হাত সৰাৰ উপায় আছে। এডাল কণমাণি তাঁৰ- এই তাঁৰডালৰ নাম ফিউজ। এৰা, ফিউজডাল দধীছি ঝষিৰ দৰে। নিজে মৰি আপোনাৰ ঘৰৰ তাঁৰ, টি-ভি বা মূল্যবান আহিলা বচাই দিয়ে। ঘৰৰ মেইন চুইছ, দামী আহিলা (যেনে-আহিলা) আদিত ফিউজ থাকে। আপোনাৰ ঘৰৰ তাঁৰৰ মাজেৰে, আহিলাৰ মাজেৰে কিবা কাৰণত প্ৰয়োজনতকৈ অধিক বিজুলী বোৱাৰ উপক্ৰম হ’লেই- ফিউজ তাঁৰডাল গলি যায় আৰু ফলত বিজুলী সোঁত বন্ধ হৈ যায়। এনেদৰে আহিলা বা ঘৰৰ তাঁৰসমূহ নষ্ট হোৱাৰ পৰা ৰক্ষা পায়। পুনৰ বিজুলী প্ৰবাহ পাবলৈ ফিউজডাল লগাব লাগিব। বিজুলীৰ আঘাতঃ আকাশৰ বিজুলীক ইন্দ্ৰবজ্ৰ বুলি কোৱা হৈছিল। গল্পত আছে বজ্ৰ অব্যৰ্থ। সঁচাকৈয়ে বিজুলীৰ আঘাতে এক চেকেণ্ডৰ ভিতৰতে জীৱৰ মৃত্যু ঘটাব পাৰে। ঘৰত ব্যৱহাৰ কৰা বিজুলী- তাঁৰত প্লাষ্টিক আদি অপৰিবাহীৰ আৱৰণ থাকে। এই আৱৰণ সদায় অক্ষত হৈ থাকিব লাগে। বাহিৰৰ তাঁৰত কিন্তু কোনো আৱৰণ নাথাকে। পথাৰৰ মাজেৰে যোৱা ডাঙৰ ডাঙৰ খুটাত বন্ধা তাঁৰবোৰত বহুত বেছি ভ’ল্টেজৰ বিজুলী বৈ থাকে।– সেইবাবে চুলে মৃত্যু অনিবাৰ্য্য। কেতিয়াবা ফেন, ইস্ত্ৰি আদি আহিলাৰ ভিতৰত আৱৰণহীন তাঁৰে আহিলাৰ গাত লাগি থাকে। তেনে ক্ষেত্ৰতো আহিলাৰ পৰা বিজুলী আমাৰ শৰীৰলৈ আহি বিদ্যুত-আঘাত বা শ্বক দিব পাৰে। গতিকে কি কৰা উচিতঃ আৱৰণহীন তাঁৰ কেতিয়াও খোলাকৈ নাৰাখিব। প্ৰয়োজন হ’লে কুপৰিবাহী টেপেৰে (কিনিব পোৱা যায়- পৰিচিত নাম ব্লেক- টেপ ) অৱৰণহীন অঞ্চল মেৰুৱাই থ’ব । তাঁৰ চুব বা পৰীক্ষা কৰিব খুজিলে চুইছ বন্ধ কৰি ল’ব। বিজুলী বৈ থকা সময়ত আহিলাৰ হাতেৰে চুব লগা অংশ অপৰিবাহী হ’ব লাগে বা অপৰিবাহী আৱৰণযুক্ত হোৱা উচিত। ফেন, মটৰ, ইস্ত্ৰি আদিত আৰ্থিং- তাঁৰ ব্যৱহাৰ কৰা উচিত। তিনিটা পিনযুক্ত প্লাগ আৰু চকেট ব্যৱহাৰ কৰিব লাগে। এই প্লাগ আৰু চকেটহে আৰ্থিং লগাব পাৰি। বিজুলী- তাঁৰত লাগি ধৰা মানুহক গুচাবলৈ শুকান কাঠ- বাঁহ কম্বল লৈহে ঠেলিব লাগে। (নহ’লে বচাব খোজা মানুহজনো মৃত্যুমুখত পৰিব পাৰে)। এযোৰ প্লাগ-চকেট কেৱল এটা সঁজুলিৰ বাবেহে ব্যৱহাৰ কৰিব লাগে। যদি কোনো সঁজুলিৰ পৰা ধোৱা/ফিৰিঙতি ওলাই বা কাৰোবাক বিজুলীয়ে আঘাত কৰে তেন্তে লগে লগে চুইছ বন্ধ কৰিব লাগে। আই-এছ-আই মাৰ্কযুক্ত সঁজুলিহে ব্যৱহাৰ কৰিব লাগে। আপোনাৰ ঘৰৰ বিজুলীৰ তাঁৰ, চুইছ আৰু সঁজুলিসমূহ অন্তঃত দুবছৰত এবাৰকৈ অভিজ্ঞ ইলেক্ট্ৰিচিয়ানৰ হতুৱাই পৰীক্ষা কৰাওক। খালি ভৰিৰে, পানীত তিতি থকা হাতেৰে বা সেমেকা মাটিত থিয় হৈ চুইছ আদি নুচুব। ফ্লেক্সিবল তাঁৰ লগাই নিজে লাইন নাটানিব। এজন ডাক্তৰৰ সহায় লৈ আপোনাৰ চুবুৰিত বিজুলীৰ আঘাত পোৱা মানুহক কেনেকৈ চিকিৎসা কৰিব লাগে তাৰ প্ৰদৰ্শন আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰক। ৰাস্তাত লাইটৰ তাঁৰ চিগি থকা বা ওলমি থকা দেখিলে লগে লগে সংশ্লিষ্ট কৰ্তৃপক্ষক খবৰ দিয়ক আৰু মানুহক এনে তাঁৰ নুচুবলৈ সজাগ কৰি দিয়ক। বিজুলী ব্যৱহাৰ কৰোঁতে সদায়ে মনত ৰাখিব- সাৱধানীৰ মৰণ নাই আৰু বিজুলীৰ পৰা আঘাত (যি মৃত্যুও ঘটাব পাৰে) নেদেখাকৈয়ে আহে। গতিকে আমি মন কৰা উচিত যে- ঘৰত বিজুলী প্ৰ্বহ নাথাকিলে, মেইন চুইছ বন্ধ কৰি, ফিউজ ডাল উলিয়াই পৰীক্ষা কৰিব লাগে। তাঁৰবোৰ চকুৰে চাই ভাল নে বেয়া গম পব পাৰি। কি কাৰণে ফিউজডাল পুৰি গ’ল- সেই কাৰণে (নিজে বা আনৰ সহায় লৈ) বিচাৰ কৰক আৰু দোষ-ত্ৰুটি আঁতৰাওক। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা- বেলেগ বেলেগ আহিলাৰ ফিউজ তাঁৰ একে নহয়। যেনে- ইলেকট্ৰিক ইস্ত্ৰি, ৰঙীণ টি-ভি, ফেন আদিত সমানে বিজুলী নালাগে। টি ভিতকৈ ইস্ত্ৰিত বিজুলী সোঁত বেছি লাগে, গতিকে ফিউজো বেলেগ। ইস্ত্ৰিত লগোৱা ফিউজ টি-ভিত নলগাব। আপুনি ভাবিব পাৰে টি-ভিত লগোৱা ফিউজ ইস্ত্ৰিত লগাব পাৰেনে? পাৰি। কিন্তু এই ফিউজ অতি সোনকালে পুৰি যাব। পৰাপক্ষত অন্য তাঁৰ (যেনে- তাম/এলুমিনিয়াম) ফিউজ হিচাবে নলগাব। বেলেগ বেলেগ জোখৰ ফিউজ-তাঁৰ বেলেগে কিনিবলৈ পায়। অলপ অংকঃ বিজুলী প্ৰবাহৰ লগত ভল্ট (V), এম্প (A), আৰু ৱাট (W), নামৰ তিনিটা জোখ-মাখ বেছিকৈ ব্যৱহাৰ হয়। সাধাৰণতে আমাৰ বিজুলী লাইন। যাক সংক্ষেপে লাইন বুলি কয়। ২২০-২৫০ ভল্টৰ। ইয়াক ভ’ল্টেজ বুলি কয়। ভ’ল্টেজ কমি গ’লে (১৮০ ভ’ল্টতকৈ কম হ’লে) বালববোৰ ভালদৰে নজ্বলে, ফেন বা মটৰ নুঘূৰে। ভ’ল্টেজ বেছি হ’লে ওলোটা ঘটনা ঘটে আৰু তেতিয়া আহিলাবোৰ লগে লগে বন্ধ কৰিব লাগে। নহ’লে সঁজুলিবোৰ পুৰি নষ্ট হ’ব পাৰে। সকলো আহিলাৰ ৱাট (W=V+A) আহিলাৰ গাত লিখা থাকে। সাধাৰণতে ঘৰত ব্যৱহাৰ কৰা বাল্ববোৰ ৪০, ৬০, ১০০ ৱাটৰ, ফেন ৪০-৬০ ৱাটৰ, ৰঙীণ টি-ভি ৮০-১২০ ৱাটৰ আৰু ইস্ত্ৰি/হিটাৰ আদি ৫০০-১০০০ ৱাটৰ হয়। লাইন ভ’ল্টেজ ২৫০ V হ’লে ৫০০ ৱাটৰ ইস্ত্ৰিত কিমান প্ৰবাহ ব’ব? যিহেতু ৱাট =V×A ৫০০ =২৫০× A এতেকে A =৫০০÷২৫০=২ এম্পিয়াৰ। ১০০০ ৱাটৰ (=১ KVA) আহিলাত ৪ এম্পিয়াৰ, ২৫০ ৱাটৰ আহিলাত ১ এম্পিয়াৰ, ৬০ ৱাটৰ বাল্বত (৬০÷২৫০=০.২৮ এম্প.) প্ৰবাহ বয়। উদাহৰণঃ এডাল লাইনত ৪ টা ৬০ ৱাটৰ বাল্ব, দুখন ৪০ ৱাটৰ ফেন, এটা ৰঙীণ টি-ভি (৮০ ৱাট) আৰু ইস্ত্ৰি (৫০০ ৱাট) লগোৱাৰ ব্যৱস্থা আছে। লাইনত কেনেকুৱা ফিউজ লগাব লাগিব? যিহেতু আটাইবোৰ আহিলা একেলগে চলিব পাৰে, গতিকে মুঠ ৱাটৰ পৰিমাণ হ’ব- বাল্বৰ মুঠ ৱাট= ৪×৬০ =২৪০ ৱাট ফেনৰ মুঠ ৱাট= ২×৪০ =৮০ ৱাট টি-ভি=১×৮০ =৮০ ৱাট ইস্ত্ৰি= ১×৫০০=৫০০ৱাট গতিকে আটাইবোৰ আহিলা একে সময়তে চলিলে বোৱা প্ৰবাহৰ পৰিমাণ- = ৯০০÷২৫০ = ৩.৬ এম্প. গতিকে লাইনত ৫ এম্পৰ ফিউজ লগাব লাগিব। মনত ৰাখিব বিজুলীৰ চাকি যি অনুপাতে বাঢ়িছে সেই অনুপাতে আমাৰ ৰাজ্যত তাঁৰ উৎপাদন কৰিব পৰা হোৱা নাই। তাৰোপৰি আমি যিমানেই শক্তি খৰচ কৰিম সিমানেই বেছি পইছা দিব লাগিব। আমি কেনেকৈ বিজুলী শক্তি সংৰক্ষণ কৰিব পাৰোঁ- এই বিষয়ে চাওঁ আহক- সহজলভ্য ঠাইত সূৰ্য্যৰ পোহৰ ব্যৱহাৰ কৰক। বেৰ আৰু চিলিঙত পাতল ৰং ব্যৱহাৰ কৰক। লাইট, ফেন আৰু শীত-তাপ নিয়ন্ত্ৰণ যন্ত্ৰ আদি প্ৰয়োজন নাথাকিলে ব্যৱহাৰ নকৰিব। ফেনত ইলেকট্ৰনিক ৰেগুলেটৰ ব্যৱহাৰ কৰক আৰু ২০% ৰ পৰা ৩০% লৈকে শক্তি ৰাহি কৰক। টিয়ব লাইট ব্যৱহাৰ কৰক। ই সাধাৰণ বাল্বতকৈ বহুত কম শক্তি খৰচ কৰে। টিউব লাইটত ইলেকট্ৰনিক শ্বক্ ব্যৱহাৰ কৰক। বাল্ব, টিউব আদি ধূলি-মাকটিৰ পৰা পৰিষ্কাৰ কৰি ৰাখক যাতে ই অধিক পোহৰ বিলাব পাৰে। বিদ্যুত অপচয় আৰু চৰ্ট-চাৰ্কিট অৱস্থাৰ পৰা ৰক্ষা পাবলৈ বৈদ্যুতিক তাঁৰ, চুইছ আদি ভাল অৱস্থাত ৰাখক। মাহিলি বৈদ্যুতিক খৰচ লক্ষ্য কৰক। অপ্ৰয়োজনীয়ভৱে ডাঠ পৰ্দা লগাই ৰূমবোৰ আন্ধাৰ নকৰিব পানীৰ টেংকত জমা থোৱা পানী অপচয় নকৰিব, যিহেতু টেংকলৈ পানী উঠাওতে শক্তি খৰচ হয়। উৎসঃ অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিবেশ পৰিষদ