স্পাইৰুলিনা এবিধ ভোজন যোগ্য শেলুৱৈ. এইবিধ শেলুৱৈ বিহহীন, প্ৰ’টিন আৰু ভিটামিন সমৃদ্ধ আৰু এইটোত 89 বিধ ঔষধি গুণ আছে. কম খৰচ আৰু কম ধন বিনিয়োগেৰে গাঁৱলীয়া মহিলা সকলে ঘৰতে স্পাইৰুলিনা উত্পাদন কৰিবলৈ এটা কম খৰচী প্ৰযুক্তি উদ্ভাৱন কৰা হৈছে. যিহেতু শুকান স্পাইৰুলিনা বজাৰত ভাল দামত বিক্ৰী কৰিব পৰা যায়, গতিকে এইটো এটা লাভজনক উদ্যোগ হব পাৰে। প্ৰয়োজনীয় সামগ্ৰী: খোলা আৰু আৱদ্ধ 40 লিটাৰ ধৰা /25 বৰ্গমিটাৰৰ তিনিটা মাটিৰ পাত্ৰ। মাধ্যম বায়’গেছ শ্লাৰী আৰু 2-3 গ্ৰাম সাগৰীয় নিমখ বা ৰাসায়নিক মাধ্যম (পটাচিয়াম ডাই হাইড্ৰ’জেন ফ’চফেট, কুকিং চ’ডা আৰু চ’ডিয়াম ক্ল’ৰাইড)আৰু বিশুদ্ধ স্পাইৰুলিনা কালচাৰ. প্ৰক্ৰিয়া পানী মিশ্ৰিত মাধ্যমেৰে পূৰ কৰি মাটিৰ পাত্ৰ তিনিটা ইহঁতৰ ডিঙিলৈকে মাটিত পোতা হয়. স্পাইৰুলিনা কালচাৰৰ বাবে বায়’গেছ শ্লাৰী হল আটাইতকৈ সস্তীয়া মাধ্যম। অলপ পৰিমান বিশুদ্ধ স্পাইৰুলিনা মাধ্যম যোগ দিয়া হয়. (মিশ্ৰনৰ বাবে প্ৰস্তুত দ্ৰৱ হিচাপে প্ৰথম পৰ্য্যায়ত উত্পাদনকাৰীসকলক পুষ্টিৰ মাধ্যম যোগান ধৰিব লাগে)। যিহেতু স্পাইৰুলিনা স্থিৰ মাধ্যমত গজিব নোৱাৰে গতিকে মাধ্যমটো দিনত 3 -4 লৰাই থাকিব লাগে. পাত্ৰবিলাক ৰ’দত ৰাখিব লাগে কাৰণ স্পাইৰুলিনা পুৰঠ হবলৈ 3-4 দিন লাগে। পুৰঠ হোৱা স্পাইৰুলিনাবিলাক (হেঁতা মাধ্যম গাড় সেউজীয়ালৈ পৰিৱৰ্ত্তিত হৈ যাব) কাপোৰেৰে চেকি লব পৰা যায়। স্পাইৰুলিনাখিনি পৰিষ্কাৰ পানীত ধুই (লাগি থকা ৰাসায়নিকখিনি আঁতৰাবলৈ)চাপাটি, ৰুটি, চাটনি, নোডুল, দাইচ, পাচলি আদিৰ লগত মিহলাব পৰা যায় (ওজনৰ প্ৰায় 2%). স্পাইৰুলিনা ছাঁত শুকুৱাই সংৰক্ষন কৰিব পৰা যায়. গুণগত মান আৰু মূল্যায়ন বজাই ৰাখিবলৈ ইয়াক লগে লগে শুকাব লাগে। উপকাৰিতা ৩৫-৪০ লিটাৰ ক্ষমতাৰ ৩ টা মাটিৰ পাত্ৰত গজোৱা স্পাইৰুলিনা এজন ব্যক্তিক প্ৰতিদিনে ১০০ শতাংশ ভিটামিন এ আৰু ২০০ শতাংশ ভিটামিন বি-12 ৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ দৈনিক ২ গ্ৰাম স্পাইৰুলিনা পাউডাৰ যোগান ধৰিবলৈ যথেষ্ট. কংক্ৰিটেৰে আৱৰা পুখুৰী বা পলিথিনেৰে আৱৰা গাঁতৰ তুলনাত মাটিৰ পাত্ৰবিলাক চোৱা-চিতা কৰাত উজু। পাত্ৰ বিলাক বেয়া হলে সহজতে নতুন পাত্ৰৰ দ্বাৰা সলাব পাৰি বা প্ৰয়োজন অনুযায়ী স্থানান্তৰ কৰিব পাৰি। যদি সংক্ৰমন, প্ৰদূষণ বা আন কোনোধৰনৰ দূৰ্ঘটনা নঘটে তেন্তে পাত্ৰত থকা কালচাৰখিনি বহু দিনলৈকে ৰাখিব পাৰি। অতি কম অতিৰিক্ত কষ্ট নকৰাকৈ গ্ৰাম্য মহিলাসকলে মাটিৰ পাত্ৰবিলাক নিজে বনাই লব পাৰে। উৎস: আইএনডিজি দল