জৈৱিক কাঠকয়লাৰ চপৰাকৰণ আমাৰ গাওঁঅঞ্চলসমূহৰ প্ৰত্যেকটো শস্য সংৰক্ষণ কৰাৰ পিছত প্ৰচুৰ পৰিমাণে কৃষিজাত সামগ্ৰীৰ অৱশিষ্ট উৎপন্ন হয়৷ ইয়াৰ বেছিভাগ অৱশিষ্ট মুকলি পথাৰত জ্বলাই দিয়া হয়৷ যেতিয়া জৈৱিক কাঠকয়লা চপৰাকৰণৰ প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰা হ’ব, এই অৱশিষ্টবিলাক অন্য এক প্ৰকাৰৰ ইন্ধন উৎপাদন কৰিবৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব যি মূল্যবান আৰু পৰিবেশ উপযোগী৷ ই পৰিয়ালৰ উপাৰ্জন যোগান ধৰিব পাৰে৷ চপৰাকৰণ কি চপৰাকৰণ হৈছে নিম্ন ঘনত্বৰ আকাৰৰ জৈৱিক দ্ৰব্য উচ্চ ঘনত্ব আৰু শক্তি সম্পন্ন ইন্ধন টুকুৰালৈ পৰিৱৰ্তিত কৰা পদ্ধতি৷ প্ৰস্তুতপ্ৰণালী কাঠকয়লা চপৰা কৰাৰ দুটা ভিন্ন পদ্ধতি আছে ১) প্ৰত্যক্ষ পদ্ধতি : প্ৰত্যক্ষ পদ্ধতি হৈছে তাপ প্ৰয়োগৰ ফলত জৈৱিক পদাৰ্থৰ এটা অসম্পূৰ্ণ দাহ্য পদাৰ্থ উৎপন্ন কৰা যাৰ ফলস্বৰুপে কাঠকয়লা উৎপন্ন হয়৷ ২) পৰোক্ষ পদ্ধতি : পৰোক্ষ পদ্ধতিত জৈৱিক পদাৰ্থ ওচৰা-ওচৰিকৈ কিন্তু নিৰ্গমন পথযুক্ত বায়ুহীন কোঠালীত "জ্বলাবলৈ” এটা বাহ্যিক তাপৰ উৎস ব্যৱহাৰ কৰা হয়৷ পৰোক্ষ পদ্ধতিৰ ফলশ্ৰুতিত কম ধোঁৱা আৰু প্ৰদূষক দ্ৰব্য সহ উচ্চ মানসম্পন্ন কাঠকয়লা উৎপন্ন হয়৷ কাঠকয়লা চপৰা কৰা এমচিআৰচি পদ্ধতি আৱশ্যকতা ১) স্থানীয়ভাৱে উপলবদ্ধ জৈৱিক পদাৰ্থ (যেনে কাজুৰীনা গছৰ পেলনীয়া পাত, কুহিয়াঁৰৰ জাবৰ, ধানৰ তুঁহ, নাৰিকলৰ আঁহ, বাদামৰ খোলা ইত্যাদি) ২) কাৰ্বনাইজিং চেম্বাৰ (শিখা) ৩) বান্ধনী (শ্বেতসাৰ অথবা কাঠাআলুৰ ময়দা) ৪) সৰু চপৰা কৰা যন্ত্ৰ (১০ কেজি/ঘণ্টা) কাঠকয়লা প্ৰস্তুতকৰণৰ স্তৰ ১) জৈৱিক পদাৰ্থ সংগ্ৰহ বাহিৰৰ ড্ৰাম : উৰ্দ্ধাংশ কাটি পেলোৱা আৰু নিম্নাংশত এটা সৰু ফুটা কৰি লোৱা ১২ ইঞ্চি ব্যাসাৰ্দ্ধ x ১০ ইঞ্চি উচ্চতাৰ এটা ২০০ লিটাৰৰ ধাতুৰ তেলৰ ড্ৰাম৷ ধাতুৰ ড্ৰামটোৰ তলত ইমূৰৰ পৰা সিমূৰলৈকে সমান্তৰালকৈ ঘূৰিব পৰাকৈ দুডাল লোহাৰ লাঠি (৮ ইঞ্চি) স্থায়ীকৈ স্থাপন কৰিব লাগিব৷ এই লোহাৰ লাঠি দুডালে ভিতৰৰ ষ্টীলৰ ড্ৰামটো সংযোগৰ মাপকাঠি হিচাপে কাম কৰিব৷ ভিতৰৰ ড্ৰাম : সঠিক ঢাকনি আৰু নিম্নাংশত ছয়টা (৩/৮ ইঞ্চি) ফুটা থকা এটা ১০০ লিটাৰৰ ষ্টেইনলেছ ষ্টীলৰ ড্ৰাম ভিতৰৰ ড্ৰামটো বৃহত ড্ৰামৰ ভিতৰত স্থাপন কৰা হ’ব৷ ২) জৈৱিক পদাৰ্থৰ কাৰ্বনাইজিং জৈবিক পদাৰ্থ কঠিন ভাৱে ভিতৰৰ ড্ৰামৰ লগত সংযুক্ত হৈ থাকে আৰু ইয়াক ব্যৱহাৰ কৰি ৪৫ মিনিটৰ পৰা ১ ঘন্টালৈকে (জৈবিক পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰি) জ্বলোৱা হয়৷ জ্বলনৰ পিচত, ভিতৰৰ ড্ৰামৰ কাৰ্বনযুক্ত জৈৱিক পদাৰ্থ সংগ্ৰহ কৰিব লাগে আৰু ওজন কৰিব লাগে৷ এই পদ্ধতিত ৩০ শতাংশ প্ৰজ্বলিত কাৰ্বন উৎপন্ন হ’ব পাৰে৷ ৩) বন্ধনীৰ প্ৰস্তুতকৰণ সৰ্বমুঠ ওজনৰ প্ৰতি ১০০ কিলোগ্ৰাম কাৰ্বনযুক্ত কাঠকয়লাৰ পাউদাৰৰ টুকুৰাবিলাক মজ্বুত কৰাৰ বাবে বান্ধনী সামগ্ৰী ব্যৱহাৰ কৰা হয়, ৬০-১০০ লিটাৰ পানীত (কেঁচা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি ) ৫ ৰ পৰা ৬ কিলোগ্ৰাম শৰ্কৰা অথবা কাঠ আলুৰ ময়দা যোগ কৰি বান্ধনীৰ সামগ্ৰী তৈয়াৰ কৰক৷ ৪) মিশ্ৰণ এনেদৰে মিশ্ৰণ কৰক যাতে প্ৰত্যেক টুকুৰা কাৰ্বনযুক্ত কাঠকয়লাৰ সামগ্ৰী বান্ধনীৰ সৈতে প্ৰলেপিত হয়৷ ই কাঠ কয়লাৰ সংঘৰ্ষ ঘটাব আৰু একে ধৰণৰ টুকুৰা উৎপন্ন কৰিব৷ ৫) চপৰাকৰণ কাঠকয়লাৰ মিশ্ৰণ হাতেৰে অথবা মেচিন ব্যৱহাৰ কৰি টুকুৰালৈ পৰিৱৰ্তিত কৰা হয়৷ সম আকাৰৰ টুকুৰা গঠিত হ’বলৈ মিশ্ৰণটো প্ৰত্যক্ষভাৱে টুকুৰাৰ সাঁচত/মেচিনত ঢালক৷ ৬) শুস্ককৰণ আৰু পেকেট প্ৰস্তুতকৰণ টুকুৰাবিলাক এখন ট্ৰেত সংগ্ৰহ কৰক, সেইবিলাক ৰ’দত শুকোৱাওঁক, পলিথিনৰ বেগত সৈবিলাক পেক কৰক আৰু বন্ধ কৰক৷ টুকুৰাবিলাকৰ সাধাৰণ বৈশিষ্ট্য আৰ্দ্ৰতা : ৭.১ শতাংশ-৭.৮ শতাংশ বাস্পীভূত পদাৰ্থ : ১৩.০ শতাংশ-১৩.৫ শতাংশ নিণীৰ্ত কাবৰ্ন : ৮১.০ শতাংশ-৮৩.০ শতাংশ ছাঁই : ৩.৭ শতাংশ-৭.৭ শতাংশ চালফাৰ : ০.০ শতাংশ তাপশক্তিৰ পৰিমাণ : ৭,১০০-৭,৩০০ কেলৰী/কেজি ঘনত্ব : ৯৭০ কেজি/মি3 কাৰিকৰী কৌশলটোৰ সুবিধাসমূহ ১) ধোঁৱাবিহীন : কাঠকয়লাৰ টুকুৰাবিলাক কোনো প্ৰকাৰৰ ধোৱাঁ নোলোৱাকৈ প্ৰজ্বলিত আৰু দহনৰ কৰিব পাৰি৷ ২) নিম্নমানৰ ছাঁইযুক্ত : অতিকম পৰিমাণৰ ছাঁই উৎপন্ন হয় (মূল কাঠকয়লাৰ ৫ শতাংশ তকৈ কম) ৩) সৰ্ব্বোচ্চ নিৰ্ণীত কাৰ্বন আৰু কেলৰীৰ পৰিমাণ : সাধাৰণতে নিৰ্ণীত কাৰ্বণৰ গাঢ়তা প্ৰায় ৮২ শতাংশ হ’ব লাগে৷ কাঠকয়লাৰ টুকুৰাবিলাকত নিহিত কেলৰীৰ মূল্য ৭৫০০ কিলোকেলৰী/কিলোগ্ৰাম৷ ৪) গোন্ধবিহীন : জৈৱিক কাঠকয়লাৰ টুকুৰাত নিম্নতম বাস্পীভূত দ্ৰব্য নিহিত হৈ থাকে, যাতে সাম্ভাব্য গোন্ধ ই এৰি দিয়ে ৷ ৫) দীৰ্ঘতম প্ৰজ্বলন সময় : কঠিন কাঠকয়লাৰ তুলনাত দুগুণ দৈৰ্ঘ্যৰ প্ৰজ্বলন সময়৷ ৬) ফিৰিঙতিবিহীন : কঠিন কাঠৰ কাঠকয়লাৰ তুলনাত এই কাঠকয়লাসমূহে ফিৰিঙতি উৎপন্ন নকৰে৷ ৭) কম ভংগুৰ আৰু উন্নত শক্তি : কম চপৰা আৰু উন্নত শক্তিয়ে কাঠকয়লাৰ প্ৰজ্বলন দীৰ্ঘ সময়ৰ বাবে ৰাখে৷ উৎস: আইএনডিজি দল