সীমিত শক্তি, অধিক পোহৰ- চিএফএল বৈদ্যুটিক শক্তিৰ ব্যৱহাৰ হ্ৰাস কৰক, ব্যয় কমাওঁক। আজিৰ দিনত ভাৰতত ৮০ শতাংশ বৈদ্যুটিক শক্তিৰ অপব্যৱহাৰ হৈ আছে-কাৰণ আমি অত্যাধিক পৰিমাণৰ বিদ্যুত ব্যৱহাৰ হোৱা লেম্প, বাল্ব আৰু অন্যান্য সামগ্ৰী ব্যৱহাৰ কৰি আছো৷ চিএফএল (কমপেক্ট ফ্লৰ’চেন্ট লাইট)য়ে বৈদ্যুটিক ব্যয় হ্ৰাস কৰে৷ এটা চিএফএল বাল্বে সাধাৰণ বাল্বতকৈ পাচঁ গুণ অধিক পোহৰ দিয়ে৷ চিএফএলৰ প্ৰজ্বলিত ক্ষমতা সাধাৰণ বিলাকতকৈ ৮ গুণ অধিক৷ ফ্লৰ’চেন্ট টিউব লাইটসমূহ, কম্পেক্ট ফ্লৰ’চেন্ট লাইটসমূহত নিম্নমানত বিদ্যুত ব্যয় হয় আৰু অত্যাধিক তাপ উৎপন্ন নকৰে৷ ৬০ ৱাটৰ বাল্ব ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে, যদি আপুনি ১৫ ৱাটৰ চিএফএল বাল্ব ব্যৱহাৰ কৰে; আপুনি কমেও প্ৰতি ঘন্টাত ৪৫ ৱাট বিদ্যুতৰ ব্যয় ৰাহি কৰিব পাৰিব৷ প্ৰতি মাহে আপুনি ব্যয়ৰ ১১ ইউনিট ৰাহি কৰিব পাৰিব৷ আপুনি খৰচও হ্ৰাস কৰিব পাৰিব৷ চিএফএল বাল্ব ৫ ৰ পৰা ৮ মাহলৈ বৰ্তি থাকে৷ এই ধৰণেৰে শক্তি আৰু বিদ্যুতৰ ব্যয় ৰাহি কৰে, আপুনি যিবিলাক গাওঁত বৈদ্যুটিক সংযোগ নাই সেইবিলাক উজ্জলিত কৰি তুলিব পাৰে৷ সবিশেষ ৬০ ৱাট বাল্ব ১৫ ৱাট চিএফ এল ৰাহি বাল্বৰ ব্যয় ১০ টকা ১১৬ - ৱাট ৬০ ১৫ ৪৫ প্ৰজ্বলিত সময় ৬ মাহ, হাজাৰ ঘন্টা ৪ বছৰ, ৮,০০০ ঘন্টা - প্ৰতি বছৰত বিদ্যুতৰ ব্যয় ১১৫ ৩৬ ৭৯ প্ৰতি বছৰত প্ৰতি ইউনিটত ব্যয় ২.৭৫ টকাকৈ ৩১৬.২৫ টকা ৯৯.০০ টকা ২১৭.২৫ টকা চাৰি বছৰৰ বাবে মুঠ খৰচ ১২৬৫.০০ টকা ৩৯৬.০০ টকা ৮৬৯.০০ টকা উৎস: আইএনডিজি দল