সকলো সাধাৰণ বৈদ্যুতিক বাল্ব (ইনকেনডেচেন্ট বাল্ব) ৰ ঠাইত শক্তি ৰাহিকাৰী এলইডি লেম্প ব্যৱহাৰ কৰক। ব্যৱহাৰ নকৰা সময়ত ফেন আৰু লাইট অফ কৰি ৰাখক। ব্যৱহাৰ নকৰা সময়ত টিভি, ছেটটপ বক্স, ডিভিডি প্লেয়াৰ আৰু মাইক্ৰ’ৱেভ আদি বৈদ্যুতিক সামগ্ৰী আনপ্লাগ কৰি ৰাখক। ষ্টেণ্ডবাই ম’ডতো এই সামগ্ৰীবোৰে বহু ৱাট শক্তি ব্যয় কৰে। ব্যৱহাৰ নকৰা সময়ত লেপটপ আৰু কম্পিউটাৰ বন্ধ কৰি (শ্বাট ডাউন) ৰাখক। ৰেফ্ৰিজাৰেটৰৰ দুৱাৰৰ ৰবৰ ছীলেৰে বায়ু সোমোৱাব নোৱাৰাটো নিশ্চিত কৰক। শীত-তাপ নিয়ন্ত্ৰিণ যন্ত্ৰৰ উষ্ণতা ২৫-২৬০ চেলচিয়াচত ৰাখক। এনে ক্ষেত্ৰত শীত তাপ নিয়ন্ত্ৰ্ণ যন্ত্ৰৰ লগতে চিলিং ফেন ব্যৱহাৰ কৰাতো সহায়ক হ’ব। শীততাপ নিয়ন্ত্ৰণ যন্ত্ৰৰ প্ৰতি ডিগ্ৰী উষ্ণতা বৃদ্ধিৰে বিদ্যুতৰ বিলত ৩-৫ শতাংশ পৰ্যন্ত ৰাহি কৰিব পাৰি। শীততাপ নিয়ন্ত্ৰণ যন্ত্ৰৰ ফিল্টাৰ নিয়মীয়াকৈ পৰিস্কাৰ কৰক। কেৱল বি ই ই ষ্টাৰ লেবেলযুক্ত সঁজুলি আৰু সামগ্ৰীহে ক্ৰয়। উৎস: শক্তি মন্ত্ৰালয়।