সৌৰ শক্তিক(ৰ’দ)ক প্ৰত্যক্ষভাবে বিদ্যুতলৈ ৰূপান্তৰিত কৰা চ’লাৰ ছেলৰ ব্যৱহাৰৰ দ্বাৰা ঘৰুৱা পোহৰৰ ব্যৱস্থা কৰা হয়। বিদ্যুতখিনি বেটাৰিত সংগ্ৰহ কৰি ৰখা হয় আৰু প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰা হয়। যিবিলাক ঠাইত ইয়াক ব্যৱহাৰ কৰিব পৰা যায় বিদ্যুতহীন গাৱলীয়া অঞ্চল ঘৰ বা ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকত আপাতকালীল পোহৰৰ ব্যৱস্থাপনা ঘৰুৱা পোহৰৰ সৌৰ ব্যৱস্থাপনাৰ অংশসমূহ আৰু ক্ৰিয়া ঘৰুৱা পোহৰৰ ব্যৱহাৰৰ বাবে ঘৰুৱা পোহৰৰ সৌৰ ব্যৱস্থাপনাটো হল এটা স্থায়ীভাবে স্থাপন কৰা ব্যৱস্থা। ব্যৱস্থাপনাটোত থাকে চ’লাৰ পিভি মডুল (চ’লাৰ চেল) চাৰ্জ নিয়ন্ত্ৰক বেটাৰী আৰুd পোহৰৰ ব্যৱস্থা (লেম্প আৰু ফেন)। এইচ.এল.এচৰ ৰৈখিক চিত্ৰ তলত দিয়া হ'ল। চলাৰ মডুলটো ছাদৰ ওপৰত বা টেৰাচত ৰ’দ পৰা ঠাইত ৰখা হয় আৰু চাৰ্জ নিয়ন্ত্ৰক আৰু বেটাৰী ঘৰৰ ভিতৰত সংৰক্ষিত স্থানত ৰখা হয়। উত্তমভাৱে কাৰ্য্য কৰিবলৈ চ’লাৰ মডুলটোৰ পৰা সময়ে সময়ে ধুলি-বালি পৰিষ্কাৰ কৰিব লাগে। কাৰ্য্যকৰাৰ সময় এইটো ব্যৱস্থাপনাটোৰ সক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে। সি যি হলেও প্ৰত্যেক ব্যৱস্থাপনাই সম্পূৰ্ণভাবে চাৰ্জ কৰা বেটাৰী থকা অৱস্থাত দৈনিক ৩-৪ ঘন্টা কাৰ্য্যক্ষম হৈ থাকে। ব্যৱস্থাপনাটোৱে ৰ’দহীন/ডাৱৰীয়া বতৰত কাৰ্য্য কৰিব পৰাকৈ ১-২ ঘন্টা বেক-আপ দিব পৰাকৈ সজোৱা হৈছে। ব্যৱস্থাপনাটোৰ দাম আৰু চাৱচিডি নাবাৰ্ড আৰু এম.এন. আৰ. ই এ ধনৰ যোগান ধৰা ঘৰুৱা পোহৰৰ ব্যৱস্থাপনাৰ প্ৰযুক্তিগত আৰু আৰ্থিক পৰিসীমা (আগতীয়াকৈ সন্মতি দিয়া পি.ভি. মডেল) মডেল ফ’ট ভল্টিক মডুল (ডব্লিউ.পি) ১২ ভল্ট বেটাৰী (এ.এইচ) ব্যৱস্থাপনাটোৰ মুটা-মুটি ক্ষমতা পোহৰৰ লোড/ আন আন লোড আৰু কাৰ্য্যকৰী কাল মুটা-মুটি খৰচ (টকা) প্ৰযোজ্য হোৱা চাৱচিডিৰ ধনৰ উচ্চ সীমা(টকা) ঋণৰ উচ্চ সীমা(টকা)সুদৰ হাৰ ৫ শতাংশকৈ I ১০ ১০ ১০ ৱাট/ ৪ ঘন্টা ৩০০০ ৯০০ ১৫০০ II ১৮ ২০ ১০ ৱাট/৮ ঘন্টা;২০ ৱাট/৪ ঘন্টা ৫৪০০ ১৬২০ ২৭০০ III ৩৭ ৪০ ১০ ৱাট ১২ ঘন্টা;৩০ ৱাট/৪ ঘন্টা ১১১০০ ৩৩৩০ ৫৫৫০ IV ৫০ ৬০ ২০ ৱাট/৮ ঘন্টা;৪০ ৱাট/৪ ঘন্টা ১৫০০০ ৪৫০০ ৭৫০০ V ৭০ ৭০ ২০ ৱাট/১২ ঘন্টা;৩০ ৱাট/৮ ঘন্টা;৫০ ৱাট/৪ ঘন্টা;৬০ ৱাট/৪ ঘন্টা ২১০০০ ৬৩০০০ ১০৫০০ VI ৮৫ ১২০ ৪০ ৱাট/৮ ঘন্টা ২৫৫০০ ৭৬৫০ ১২৭৫০ VII ১০০ ১২০ ৩০ ৱাট/১২ ঘন্টা ৩০০০০ ৯০০০ ১৫০০০ VIII 120 ১৩৫ ৪০ ৱাট/১২ ঘন্টা;৫০ ৱাট/৮ ঘন্টা ৩৬০০০ ১০৮০০ ১৮০০০ IX ১৫০ ১৫০ ৬০ ৱাট/৮ ঘন্টা ৪৫০০০ ১৩৫০০ ২২৫০০ X ১৮০ ১৮০ ৫০ ৱাট/১২ ঘন্টা ৫৪০০০ ১৬২০০ ২৭০০০ XI ২০০ ২ x ১২০ ৬০ ৱাট/১২ ঘন্টা ৬০০০০ ১৮০০০ ৩০০০০ সৰ্বমুঠ খৰচ, নগদ ধনৰ চাৱচিডিৰ উচ্চসীমা, আৰু প্ৰযোজ্য হোৱা চাৱচিডিৰ ঋণ ২০১০-১১ চনৰ বাবে এম.এন আৰ. ই. এ ধাৰ্য্য কৰা মতে প্ৰতিটো ডব্লিউ. পি.ৰ বিপৰীতে হোৱা খৰচ ৩০০ টকা সীমা হিচাপে ধৰিলৈ হিচাপ কৰা হৈছে। ব্যৱস্থাপনাটোৰ প্ৰকৃত খৰচ যদি ওপৰত উল্লেখ কৰা মুটা-মুটি খৰচতকৈ কম হয় তেন্তে নগদ ধনৰ ওপৰত চাৱচিডি আৰু ঋণৰ প্ৰযোজ্যতা প্ৰকৃত খৰচৰ ক্ৰমান্বয়ে ৩০ আৰু ৫০ শতাংশকৈ হাৰত হিচাপ কৰা হব। উৎস: আইএনডিজি দল