পানী পাম্পিংৰ সৌৰ পদ্ধতিত পানী পাম্পৰ বাবে সৌৰ শক্তি ব্যৱহাৰ কৰা হয়৷ অংশসমূহ সৌৰ পিভি পেনেল ফটোভলেটিক সজ্জাৰ লগত অবিৰোধী নিম্নলিখিত যিকোনো পাম্পিং চেট চাৰফেচ মাউণ্টেড চেন্ট্ৰীফুগেল পাম্প চেট, চাবমাৰচিব’ল পাম্প চেট ফ্ল’টিং পাম্প চেট, চাবমাৰচিব’ল পাম্প চেট, এমএনআৰই ৰ পৰা অনুমোদনৰ পিচত, যিকোনো পাম্প চেট, পাইপ পানী পাম্পিংৰ সৌৰ পদ্ধতিৰ কাম-কাজ এই পদ্ধতিয়ে শক্তি উৎপন্ন কৰা সৌৰ পিভি (ফটোভলেটিক)ব্যৱহাৰ কৰি কাম কৰে৷ ফটোভলেটিক সজ্জাই সৌৰ শক্তি বিদ্যুৎ শক্তিলৈ ৰুপান্তৰ কৰে, যি মটৰ পাম্প চেট ঘূৰাবৰ বাবে ব্যৱহাৰ কৰা হয়৷ এই পাম্পিং পদ্ধতিয়ে মুক্ত নাদ,গভীৰ নাদ, প্ৰৱাহিত হৈ থকা পানী, পুখুৰী, নলা আদিৰ পৰা পানী উত্তোলন কৰে৷ এই পদ্ধতিক সৌৰ পেনেল স্থাপনৰ বাবে ছাঁ মুক্ত স্থানৰ প্ৰয়োজন ব্যৱহাৰিতা ১৮০০ ৱাট পিভি এৰ্যে সক্ষমতা আৰু ২ এইচপিৰ পাম্পৰ এটা পদ্ধতিয়ে ৬-৭ মিটাৰ গভীৰতাৰ পৰা প্ৰতি দিনে ১.৪ লাখ লিটাৰ পানী উত্তোলিত কৰিব পাৰে৷ এই পানীৰ পৰিমান পানী যোগান আঁচনিৰ বাবে ৫-৮ একৰ ভুমি আৱৰি থকা বিভিন্ন শস্য ক্ষেত্ৰত যোগানৰ বাবে অপৰিহাৰ্য্য বুলি গণ্য কৰা হয়৷ আনুমানিক ব্যয় পদ্ধতিটোৰ মুঠ ব্যয় ৪,৫০,০০০ টকাএমএনআৰইৰ দ্বাৰা জিঅ'আই ভাট্টা - ১,৮০,০০০ টকা সুবিধাসমূহ ইন্ধনৰ ব্যয় শূণ্য – যিহেতু ই বিনামূলীয়া সৌৰ পোহৰ ব্যৱহাৰ কৰে৷ কোনো ইলেকট্ৰীচিটিৰ প্ৰয়োজন নাই দীৰ্ঘতম কাৰ্য্যকাল অধিক বিশ্বাসযোগ্য আৰু দীৰ্ঘস্থায়ী পৰিচালনা আৰু মেৰামতি কৰিবলৈ সহজ আৰু পৰিৱেশ- যোগ্য পানী পাম্পিংৰ সৌৰ পদ্ধতিৰ ওপৰত সাধাৰণতে সুধিবলগীয়া প্ৰশ্ন ফটোভলেটিক (পিভি) পানী পাম্পিং পদ্ধতিত কি কাৰিকৰী কৌশল ব্যৱহাৰ হয় ? ফটোভলেটিক পদ্ধতিৰ বাবে সৌৰ কোষ হ’ল এটা প্ৰাথমিক প্ৰণালী যিহেতু ই সৌৰ ৰশ্মি বিদ্যুতলৈ ৰুপান্তৰ কৰে ৷ সৌৰ কোষসমূহ চিলিকনৰ সুক্ষ্ম পাত প্ৰয়োজনীয় আকাৰত কাটি তৈয়াৰ কৰা হয়৷ শক্তিৰ প্ৰয়োজনীয়তা অনুসাৰে এটা এচপিভি মডিউল সাজিবৰ বাবে এনে এচপিভি কোষৰ সংখ্যা সংযোগ কৰা হয়৷ এই মডিউল পাম্প আদিৰ দৰে বিদ্যুত চালিত সামগ্ৰীসমূহ চালনাৰ আউটপুট শক্তি লাভৰ বাবে ভবিষ্যতে এচপিভি এৰ্যে তৈয়াৰ কৰিবলৈ সংযোগ কৰিব পাৰি৷ সম্পূৰ্ণ পদ্ধতিটোৰ বাবে ব্যয় কিমান ? এচপিভি পানী পাম্পিং পদ্ধতিৰ স্থাপন আৰু ব্যয়ৰ বাবে ৰাজ সাহাৰ্য্যৰ মূল্য যোগানকাৰী আৰু মডেলৰ ওপৰত নিৰ্ভৰ কৰি 1,90,000 টকাৰ পৰা 2,70,000 টকাৰ ব্যৱধানত থাকিব পাৰে৷ ইয়াৰ বাবে কোনো ঋণৰ সুবিধা আছে নেকি ? ইণ্ডিয়ান ৰিনিউৱেব’ল এনাৰ্জি ডেভেলেপমেণ্ট এজেন্সী লিমিটেড (আইআৰইডিএ) যোগেদি প্ৰতি বছৰে 5% সুতৰ হাৰত ক্ষুদ্ৰ ঋণ সমূহ উপলব্ধ৷ এচপিভি পানী পাম্পিং পদ্ধতিৰ চৰকাৰী সহায়ৰ অবিহনে ক্ষুদ্ৰ ঋণৰ উচ্চ সীমা 90% লৈকে চৰকাৰী সাহাৰ্য্য উপলব্ধ নোহোৱাৰ ক্ষেত্ৰত, ঋণৰ পৰিমাণ পদ্ধতিৰ ক্ৰয় মূল্যৰ 90% লৈকে হ’ব পাৰে৷ ঋণ অনুমোদন হোৱাৰ প্ৰথম বছৰৰ শেষৰ পৰা গণনা কৰি সুতৰ সৈতে মূলধন 10 বছৰৰ (এক বছৰ স্থগিত কৰি) ভিতৰত আদায় দিব লাগে৷ এচপিভি পানী পাম্পিং পদ্ধতিৰ ব্যৱহাৰ কি আৰু মিনিষ্ট্ৰী অফ নিউ এণ্ড এনআৰই এচপিভি পানী পাম্পিং আচঁনিৰ অধীনত কেনেধৰণৰ চৰকাৰী সাহাৰ্য্যৰ উপলদ্ধ ? কৃষিবিজ্ঞান আৰু অন্যান্য সংযোগী যেনে, উদ্যানশস্য, পশু পালন, হাহঁ – কুকুৰা পাম, উচ্চ উত্পাদনৰ শস্য, ফলৰ বাগিছা, বৃক্ষ ৰোপন, মীন পালন, খোৱা পানী আদিৰ ব্যৱহাৰত আৱশ্যক৷ এই আচঁনিৰ দ্বাৰা বেটাৰী চাৰ্জিং কৰাৰ ক্ষেত্ৰত অনুমতি দিয়া নহয়৷ এই ৰাষ্ট্ৰীয় আচঁনিৰ অধীনত ফটোভলেটিক পানী পাম্পিং পদ্ধতি লাভৰ বাবে যোগ্য কোন ? এজন ব্যক্তিগত ভাৱে কৃষি কৰা কৃষক, বেচৰকাৰী প্ৰতিষ্ঠান,কো-অপাৰেটিভ চছাইটী, ব্যৱসায়ীক সমিতি, অনুষ্ঠান, আৰু চৰকাৰী বিভাগ ইত্যাদি৷ এচপিভি পানী পাম্পিং পদ্ধতিৰ ক্ষমতা কি ? এটা এচপিভি পানী পাম্পিং পদ্ধতি ফটোভলেটিক এৰ্যেৰ সৈতে 200 ৰ পৰা 300 ৱাট ক্ষমতাৰ ভিতৰত উপলব্ধ৷ (মটৰ পাম্প চেটৰ ক্ষমতা 0.5 এইচপি ৰ পৰা 2 এইচপি) কিমান পৰিমানৰ পানী পাম্পে যোগান দিব পাৰিব ? এটা এচপিভি পানী পাম্পিং পদ্ধতিৰ পৰা এটা ফৰকাল বতৰত 7 মিটাৰ গভীৰতাৰ পৰা প্ৰতিদিনে 900 ৱাট পেনেলৰ বাবে নুন্যতম 65,000 লিটাৰ পানী আৰু 1800 ৱাট পেনেলৰ বাবে 135,000 লিটাৰ পানী আশা কৰিব পাৰি৷ গভীৰ নলীনাদৰ পাম্পৰ ক্ষেত্ৰত, পানীৰ আউটপুট 1200 ৱাট পেনেলৰ বাবে নুন্যতম 45000 লিটাৰ হ’ব লাগে৷ পাম্পৰ পৰা পানীৰ নিষ্কাশন ৰাতিপুৱাৰ পৰা আবেলিলৈকে সূৰ্য্য ৰশ্মিৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰে৷ ই দুপৰীয়াৰ সময়ত সৰ্ব্বোচ্চ হয়৷ পাম্প কৰিবলগীয়া পানীৰ গভীৰতাৰ ওপৰত পানীৰ বৰ্হিগমন নিৰ্ভৰ কৰে৷ এচপিভি পাম্পিং পদ্ধতিৰ পৰা পানীৰ বৰ্হিগমনৰ পৰিমাণ যোগানকাৰীৰ পৰা নিশ্চিত হৈ লওঁক, যেতিয়া তেওঁ/তাই পদ্ধতিটো ফিল্ডত স্থাপন কৰে৷ এটা পদ্ধতিয়ে নিৰ্দিষ্ট এটা শস্যত কিমান পৰিসৰৰ এলেকাত পানী যোগান ধৰিব পাৰিব ? যেতিয়া পানী 10 মিটাৰ গভীৰতাৰ পৰা উত্তোলিত কৰিব লগীয়া হয়, এচপিভি পানী পাম্পিং পদ্ধতিয়ে 0.5-6 হেক্টৰ মাটিত পানী যোগান ধৰিব পাৰে ৷ পানীৰ তালিকা, মাটিৰ প্ৰকাৰ আৰু পানীৰ পৰিচালনা আদি সকলো কাৰকে যেতিয়া এলেকাটো প্ৰভাবিত কৰিব তেতিয়া এই পদ্ধতিটো ব্যৱহাৰ কৰি পানী যোগান কৰিব পাৰি৷ এচপিভি পানী পাম্পিং পদ্ধতিৰ শীৰ্ষ গড় ৱাট 900 ৱাট বুলি নিৰ্দ্ধাৰণ কৰিলে, নিম্নোলিখিত তালিকাই বিভিন্ন শস্য ক্ষেত্ৰৰ বাবে পানীযোগান পদ্ধতি ব্যৱহাৰ কৰা জটিল পানী যোগান অঞ্চল নিৰ্দেশ কৰে:: ক্ৰমিক নং শস্য জটিল অঞ্চল,হেক্টৰত পানী যোগান পদ্ধতি 1 বাষিৰ্ক শাক-পাচলিৰ কৃষি 1.00 ওপৰিভাগ 2 জলকীয়া/জোৱাৰ/বাদাম 1.41 ওপৰিভাগ 3 Paddy nursery 0.70 ওপৰিভাগ 4 আদা 2.08 ওপৰিভাগ 5 তিয়ঁহ 1.82 বিন্দু আকাৰৰ 6 বাদাম 1.97 ওপৰিভাগ 7 আঙুৰ 2.14 বিন্দু আকাৰৰ 8 নেমু 4.89 বিন্দু আকাৰৰ 9 কল 2.36 বিন্দু আকাৰৰ 10 ডালিম 7.32 বিন্দু আকাৰৰ পাম্পিং পদ্ধতিৰ কামৰ গেৰান্টী কি? পিভি এৰ্যেসমূহ দহ বছৰৰ কামৰ গেৰান্টীৰ সৈতে যোগান ধৰা হয়৷ মটৰ পাম্প চেট আৰু আৱশ্যকীয় সৰঞ্জামসমূহ দুই বছৰৰ কামৰ গেৰান্টীৰ সৈতে যোগান ধৰা হয়৷ অতিৰিক্তভাৱে, 3 বছৰৰ বাবে অসুবিধামুক্ত কামকাজৰ বাবে পাম্পৰ নুন্যতম স্পেয়াৰ পাটৰ্চ আৰু অন্য পদ্ধতিসমূহো এচপিভি পাম্পিং পদ্ধতিৰ লগত যোগান ধৰা হয়৷ উৎস: আইএনডিজি দল