অতীজৰে পৰা ইন্ধন শক্তিয়ে ৰন্ধন কাৰ্য্যত বিভিন্ন দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ ইন্ধন কাৰ্য্যত উৎপন্ন হোৱা তাপ সদব্যৱহাৰ কৰি ইন্ধন ৰাহি কৰাৰ সময় সমাগত৷ ইন্ধন সংৰক্ষণ কৰিবলৈ হ’লে ৰন্ধন পাত্ৰত থাকি যোৱা তাপৰো সদব্যৱহাৰ কৰা উচিত ৷ খেৰৰ বাকচ ব্যৱহাৰ কৰি গৰম ৰন্ধন পাত্ৰত থকা তাপ সংৰক্ষণ কৰি সুফল পাব পাৰি৷ খেৰৰ বাকচ কি? ই এনে এটা কাঠৰ বাকচ য’ত খেৰ ব্যৱহাৰ কৰা হয় ৷ খেৰ তাপৰ কুপৰিবাহী কাৰণে তাপ সংৰক্ষণ কৰিব পাৰে৷ নিৰ্মাণ পদ্ধতি ১)ঢাকনি থকা এটা কাঠৰ বাকচ লওঁক ৷ ২)কাঠৰ বাকচত কপ-কপীয়াকৈ খাপ খোৱাকৈ খেৰ ভৰাই এটা গাঁৰু তৈয়াৰ কৰি লওঁক৷ ৩)এতিয়া কাঠৰ বাকচৰ ৩/৪ অংশ খেৰেৰে পূৰাই লওঁক৷ ব্যৱহাৰ প্ৰণালী ১)পাত্ৰ এটাত আৱশ্যকীয় পানী গৰম কৰি লওঁক ৷ ২)তাৰ পাচত গৰম পানীত ৰান্ধিবলৈ লোৱা খাদ্য সামগ্ৰীখিনি দি আধা সিজাকৈ ৰান্ধক৷ ৩)আধা সিজা হ’লে ৰন্ধা পাত্ৰটো জুইৰ পৰা নমাই খেৰৰ বাকচত ভৰাই দিয়ক৷ ৪)এতিয়া খেৰৰ গাঁৰুটো পাত্ৰটোৰ ওপৰত দি কাঠৰ বাকচৰ ঢাকনিখন বন্ধ কৰি দিয়ক৷ মন কৰিব লাগে যাতে তাপ ওলাই যাবলৈ কোনো সুৰুঙা নাথাকে ৷ ৫)এনে পদ্ধতিৰে খেৰৰ বাকচত আধাসিজা ভাত, দাইল, পাচলি থলে ৰন্ধন পাত্ৰত থাকি যোৱা তাপ সংৰক্ষণ কৰি ৰন্ধন কাৰ্য্য সম্পূৰ্ণ কৰিব পাৰি ৷ এনে ধৰণে ১৫ মিনিটত পাচলি, ৩০ মিনিটত ভাত আৰু ১ ঘন্টাত দাইল ৰান্ধিব পাৰি ৷ খেৰৰ বাকচৰ সুবিধা সমূহ : ১)এই পদ্ধতিত ২৫ শতাংশ ইন্ধন ৰাহি হয় ৷ ২)ৰন্ধন সামগ্ৰী সময়ে সময়ে নিৰীক্ষণ কৰি থাকিব নালাগে ৷ ৩)খাদ্য সামগ্ৰী ৫-৬ ঘন্টাকৈ গৰম হৈ থাকে ৷ লৱ লগা সাবধানতা মাজে সময়ে খেৰখিনি সলাব লাগে ৷ খেৰৰ গাৰুটো ৰ’দত দিব লাগে ৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।