এটা নতুন জাপানী প্ৰযুক্তিয়ে সূৰ্যৰ পোহৰ আৰু ফট’কেটেলিষ্ট ব্যৱহাৰ কৰি দূষিত পানীক সুৰক্ষিত খোৱাপানীলৈ ৰূপান্তৰ ঘটাব পাৰে। এই পৰীক্ষা আকৌ সম্পন্ন কৰা হৈছে ভাৰতত। ‘ফট’কেটালাইটিক ৱাটাৰ পিউৰিফিকেচন টেক্ন’ল’জী’ নামৰ এই নতুন কৌশলটোৰ টাইটানিয়াম ডাইঅক্সাইডক আৱদ্ধ কৰাৰ ক্ষমতা থাকে। টাইটানিয়াম ডাই-অক্সাইডৰ ৰূপত এই ফট’কেটেলিষ্টে অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত ক্ৰিয়া কৰে। TiO2 ৰ ক্ষেত্ৰত প্ৰধান অসুবিধাটো হ’ল পানীত ই মুক্ত হোৱাৰ পিছত ইয়াক সংগ্ৰহ কৰাটো অত্যন্ত কঠিন। কিয়নো ই অতি ক্ষুদ্ৰ পদাৰ্থ হিচাপে মুকলি হয়। বৃহৎ পদাৰ্থৰ ৰূপত মুক্ত হোৱাৰ পূৰ্বৰ কৌশলকে সম্প্ৰতি প্ৰয়োগ কৰি থকা হৈছে যদিও সিহঁতে পৃষ্ঠক্ষেত্ৰৰ সক্ৰিয়তা হেৰুওৱা দেখা যায়। জাপানৰ প্ৰসিদ্ধ পেনাছনিক কোম্পানীয়ে বিকাশ কৰা নতুন প্ৰযুক্তিয়ে TiO2 ক জিঅ’লাইট। এটা বাণিজ্যিক অধিশোষক আৰু অনুঘটক নামৰ আন এটা পদাৰ্থৰ সৈতে বন্ধন ঘটাই ফট’কেটালিষ্টক তাৰ সক্ৰিয়তা অটুত ৰখাত সহায় কৰে। এই প্ৰক্ৰিয়াত বন্ধনৰ বাবে কোনো ৰসায়নৰ প্ৰয়োজন নহয়, কিয়নো এই দুয়োটা পদাৰ্থই ‘ইলেক্ট্ৰ’ষ্টেটিক’ বলৰ দ্বাৰা বন্ধন ঘটায়। এই ফট’কেটালাইটিক পদাৰ্থক সামান্যভাৱে লৰাই দিলে জিঅ’লাইটৰ পৰা TiO2 মুক্ত হৈ পানীত জমা হয়। TiO2 মুক্ত কৰাৰ আন আন পদ্ধতিৰ তুলনাত এই প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰ। ইয়াৰ ফলত বৃহৎ পৰিমাণৰ পানী কম সময়ৰ ভিতৰত পৰিশোধন কৰিব পাৰি। পেনাছনিকে এই আহিলাৰ ক্ষমতা আৰু গুণাগুণ সন্দৰ্ভত ভাৰতৰ কেইবাটাও প্ৰতিষ্ঠানৰ সৈতে কাম কৰি আছে। কোম্পানীটোৱে প্ৰকাশ কৰা মতে, ভাৰতৰ সত্তৰ শতাংশ জনসংখ্যাই ভুগৰ্ভস্থ পানীৰ ওপৰত নিৰ্ভৰশীল। যিবোৰ বিভিন্ন প্ৰকাৰে প্ৰদূষিত হৈ থাকে। এই প্ৰদূষিত পানী বিভিন্ন ৰোগৰ কাৰক। দূষিত পানী সেৱন কৰাৰ ফলত হোৱা ৰোগৰ কাৰক। দূষিত পানী সেৱন কৰাৰ ফলত হোৱা ৰোগৰ বাবে প্ৰতি বছৰে লাখ লাখ লোকৰ মৃত্যু ঘটে। এনে পৰিস্থিতিত মিতব্যয়ী আৰু ক্ষিপ্ৰ পানী শোধনৰ এই ব্যৱস্থাই ভাৰতৰ জনগণক উপকৃত কৰিব বুলি কোম্পানীয়ে আশা প্ৰকাশ কৰিছে। লিখক: অমৰজ্যোতি ভূঞা, দৈনিক অসম।