খাদ্যমৌল পৰিমাণ নাইট্ৰোজেন (N) ১.৫-১.৫% ফচফৰাছ (P2O5) ০.৯০-১.২০% পটাছ (K2O) ০.৯০-১.২০% দস্তা (Zn) ১৪৪ পি:পি:এম (ppm) লো (Fe) ৩৫৫০ পি:পি:এম (ppm) তাম (Cu) ২৮ পি:পি:এম (ppm) মেংগানিজ (Mn) ১৮৮ পি:পি:এম (ppm) জৈৱিক পদাৰ্থ ৬০-৭৩ % গেদত থকা গছৰ অপৰিহাৰ্য্য বিভিন্ন খাদ্য মৌলৰ পৰিমাণ গোবৰ গেছ উৎপাদন সৰঞ্জাম (Bio-gas plant) ৰ পৰা নিৰ্গত গেদ (Skurry) ট্ৰলী অথবা সুবিধাজনক পাত্ৰত ভৰাই খেতি পথাৰলৈ নিয়াৰ ব্যৱস্থা কৰক ৷ শস্য ৰোপন/বীজ সিচাঁৰ ৭-১০ আগতে চহাই থোৱা মাটিত গেছ প্ৰয়োগ কৰি ভালদৰে মিহলাই দিয়ক ৷ গেছ প্ৰয়োগে শস্যক খাদ্য মৌলৰ যোগান ধৰাৰ ওপৰিও মাটিৰ উৰ্বৰা শক্তি আৰু পানী ধাৰণ ক্ষমতা বৃদ্ধিত সহায় কৰে ৷ প্ৰতি বিঘা মাটিত ২৫-৩৫ কুইন্টল কেচাঁ গেছ (Fresh shurry) কৰি অনুমোদিত ৰাসায়নিকনাইট্ৰোজেন সাৰৰ ৭৫% কৰ্ত্তন কৰক ৷ ৰাসায়নিক সাৰ আৰু গোবৰ গেছ উৎপাদন সৰঞ্জামৰ পৰা নিৰ্গত গেছ ব্যৱহাৰ কৰি উৎপাদন কৰা সৰিয়হ খেতিত তুলনা (গাওঁ বালিখুটী, গৰুমৰা, যোৰহাট)৷ ১০০% অনুমোদিত ৰাসায়নিক নাইট্ৰোজেন সাৰ প্ৰয়োগ কৰা ধান খেতি (গড় উৎপাদন ৯.২ কু: প্ৰতি বিঘাত, জাত ৰঞ্জিত) ৷ অনুমোদিত ৰাসায়নিক নাইট্ৰোজেন সাৰৰ ৭৫% গেছত থকা নাইট্ৰোজেনৰ দ্বাৰা যোগান ধৰি কৰা ধানখেতি (বাকী থকা ২৫%, ৰাসায়নিক নাইট্ৰোজেন সাৰ প্ৰয়োগ কৰা হৈছে) (গড় উৎপাদন ৯.২ কু: প্ৰতি বিঘাত, জাত ৰঞ্জিত) ৰাসায়নিক সাৰ আৰু গোবৰ গেছ উৎপাদন সৰঞ্জামৰ পৰা নিৰ্গত গেছ ব্যৱহাৰ কৰি উৎপাদন কৰা সৰিয়হ খেতিত তুলনা (গাওঁ বালিখুটী, গৰুমৰা, যোৰহাট)৷ ১০০% অনুমোদিত নাইট্ৰোজেন সাৰ প্ৰয়োগ কৰা সৰিয়হ খেতি (গড় উৎপাদন ৯.২ কু: প্ৰতি বিঘাত, জাত M-২৭)৷ অনুমোদিত ৰাসায়নিক নাইট্ৰোজেন সাৰৰ ৭৫% গেছত থকা নাইট্ৰোজেন দ্বাৰা যোগান ধৰি কৰা সৰিয়হ খেতি (বাকী ২৫%, ৰাসায়নিক নাইট্ৰোজেন সাৰৰ প্ৰয়োগ কৰা হৈছে) (গড় উৎপাদন ৯.২ কু: প্ৰতি বিঘাত, জাত M-২৭) ৷ গোবৰ গেছ উৎপাদন সৰঞ্জামৰ পৰা নিৰ্গত গেছ ধান আৰু সৰিয়হ খেতিত ব্যৱহাৰ কৰি আৰ্থিক ভাৱে লাভৱান হোৱা কৃষক শ্ৰী ডিম্বেশ্বৰ খাউন্দ (গাওঁ বালিখুটী, গৰুমৰা, যোৰহাট)৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।