উন্নত চৌকা নিৰ্ম্মাণ কৰিবলৈ প্ৰয়োজন হোৱা কেঁচা সামগ্ৰী কেইটা হ’ল ১) মাটি = ৮ পাচি ২) গোৱৰ = ২ পাচি ৩) তুঁহ = ২ পাচি ৪) চিমনী = ১০ ছে:মি: ব্যাসৰ আৰু প্ৰয়োজন অনুযায়ী দীঘল ৫) চিমেন্টৰ পাইপ = ৭ ছে:মি: বহল আৰু ২৫ ছে:মি: দীঘল ৬) কাউল (জালি পাইপ) = ১ ফুট দীঘল নিৰ্ম্মান প্ৰণালী উন্নত চৌকাৰ নক্সা প্ৰথমে মাটিখিনি মিহি কৰি গোৱৰ, তুঁহ আৰু পানীৰ লগত এটা মিশ্ৰণ তৈয়াৰ কৰি ৰ’দ বৰষুণ নোহোৱা ঠাইত দুদিনমান থৈ দিব লাগে৷ চৌকা বনাবলৈ লোৱা ঠাইত ৯৪ ছে:মি: দীঘল, ৩৬ ছে:মি: বহল আৰু ২০ ছে:মি: ওখকৈ এটা দুই মূৰ খোলা কাঠৰ বাকচ বনাই লৈ মাটিৰ মিশ্ৰণখিনি হেচি ভৰাই দিব লাগে৷ মাটিৰ মিশ্ৰণটো টান হলেই নিদিষ্ট জোখত খৰি ভৰোৱা, ৰন্ধন কাৰ্য্য কৰাৰ বাবে বাচন বহোৱা আৰু ধোঁৱা ওলাবৰ বাবে বিন্ধা ৰখা ঠাই পৰা মাটি খিনি উলিয়াই পেলাব লাগে৷ ১ নং বিন্ধাৰ পৰা ২ নং বিন্ধালৈ ৪৫0 কোন কৰি হাতখন সোমাব পৰাকৈ এটা ফুটা উলিয়াব লাগে আৰু ফুটাইদি এডাল ৭ ছে:মি: বহল আৰু ২৬ ছে:মি: দীঘল আন এডাল পাইপ ভৰাই দিব লাগে৷ ঠিক এনেধৰণেৰেই ২ নং বিন্ধাৰ পৰা ৩ নং বিন্ধালৈ ধোঁৱা ওলাবৰ বাবে আন এটা ফুটা কৰিব লাগে৷ ৩ নং বিন্ধাটোত ধোঁৱা ওলাই যাবৰ বাবে চিমনী বহুৱাব লাগে৷ চিমনীৰ দৈৰ্ঘ্য কেতিয়াও ৬ ফুটৰ কম হব নালাগে আৰু ঘৰৰ চালৰ পৰা অতি কমেও ২ ফুট ওপৰত ওলাই থাকিব লাগে৷ চিমনীৰ ওপৰত বৰষুণৰ পানী আৰু জুই ফিৰিঙতি পাইপৰ ভিতৰত সোমাব নোৱাৰাৰ কাৰণে কাউল (জালিৰ পাইপ) লগাই দিব লাগে ৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।