বিশেষকৈ বাৰিষাকালৰ পিছত নিগনিয়ে কৃষিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে। নিগনি ৰোধিবলৈ কৃষক সকলে প্ৰয়োগ কৰিবলৈ চেষ্টা কৰা আন-আন উপায় সমূহ কৃষক সকলে নিগনি মৰা ঔষধ আৰু মিলেটৰ পাউডাৰৰ মিশ্ৰন প্লাষ্টিৰ পেকেটক ভৰাই গছৰ ওপৰত থৈ দিয়ে। নিগনিয়ে এই মিশ্ৰনটো খাই মৰে। কিন্তু বাৰিষা কালত এই বিহৰ ফান্দে কাম নকৰে। কৃষক সকলে ভজা বাদামৰ গুড়ি, তিল, ধনীয়া আৰু নিগনি মৰা ঔষধ কাপোৰত মেৰিয়াই গছৰ ওপৰত ৰখে। দুয়োটা পদ্ধতিয়েই ভয়ানক কাৰণ এইবোৰ খাই মৰা নিগনি খোৱা চৰাইয়ো মৰে। কৃষক সকলে নিগনি ধৰা মানুহো নিয়োগ কৰিলে কিন্তু সেইবোৰো খৰচী কাৰণ এটা নিগনি ধৰাৰ বিপৰীতে নিগনি ধৰা মানুহে 25ৰ পৰা 30 টকা লয়। অভিনৱ ফান্দৰ বিষয়ে কৰ্ণাটকৰ টোমকুৰ জিলাৰ শ্ৰী অৰুণ কুমাৰে নিগনি ধৰাৰ বাবে পৰিবেশ বন্ধুভাৱাপন্ন ফান্দ সাজি উলিয়াইছে। ফান্দটোত থকা তাঁৰডাল বাহৰ পুৰণি বাস্কেটৰ চাৰিওটা কোণ সংযুক্ত কৰি এটা প্লাষ্টিকৰ সূতাৰ লগত সংযুক্ত হৈ থাকে। প্লাষ্টিকৰ সূতাডাল নাৰিকলৰ পাতৰ লগত সংযোগ কৰা থাকে যিটো তল-ওপৰ কৰিব পাৰি। ফান্দটো বাহৰ বাস্কেটৰ ভিতৰত ৰখা হয় আৰু কূটি লোৱা নাৰিকলৰ খোলা ইয়াৰ লগত সংযোগ কৰি ৰখা হয়। নিগনিবিলাক নাৰিকলৰ টুকুৰা বিলাকৰ প্ৰতি আকৰ্ষিত হৈ ফান্দৰ ভিতৰলৈ গৈ মৰে। মৃত নিগনিবিলাক উলিয়াই আনি মাটিত পুতি থোৱা হয়। এই পদ্ধতিত প্ৰায় 3-4 টা নিগনি ফান্দত পেলাই মাৰিব পৰা যায়। কিন্তু ই স্থায়ী সমাধান আগ নবঢ়ায় কাৰণ মৃত নিগনিৰ দেহৰ পৰা এবিধ ফেৰ’মন উলায় যিটোৱে আন নিগনি এই অঞ্চলত নোসোমাবলৈ সতৰ্কতাৰ ইঙ্গিত দিয়ে ফলত নিগনিবোৰ আন অঞ্চললৈ গুছি যায়। শ্ৰী কুমাৰে উলিওৱা এই ফান্দটোৰ দাম ফান্দ প্ৰতি প্ৰায় 30-35 টকা. উৎস: আইএনডিজি দল