আপুনি জানেনে, উন্নত চৌকাই আপোনাক কেনেকৈ সহায় কৰিব পাৰে? উন্নত চৌকাই ৰন্ধা কোঠাটো ধোঁৱামুক্ত কৰে ৷ কম পৰিমাণৰ ইন্ধন ব্যৱহাৰ হয় ৷ ৰন্ধা-বঢ়াত কম সময় লাগে ৷ ৰন্ধা বাচন – বৰ্ত্তনবোৰ চাফ-চিকুণ হৈ থাকে ৷ পাকঘৰৰ চৌহদৰ লগতে ৰান্ধনীৰ সাজপোছাকো পৰিস্কাৰ হৈ থাকে ৷ ৰান্ধনীৰ স্বাস্থ্যত বিঘিনি নঘটে ৷ উন্নত চৌকা বনোৱাৰ প্ৰণালীসমূহ এনেধৰণৰ ১) চৌকাটো বনাবলৈ লোৱাৰ আগতে ৬৪ ছে:মি: দীঘল, ৩৪ ছে:মি: বহল আৰু ১৪ ছে:মি: উচ্চতাৰ এটা আয়তক্ষেত্ৰ আকাৰৰ দুইমূৰ খোলা কাঠৰ বাচক বনাই ল’ব লাগে ৷ ২) মাটি আৰু বালিখিনি সমানে সমানে মিহলাই, গোবৰ আৰু ফলাতুঁহ বা মিহিকৈ কাটি লোৱা খেৰ লাহে লাহে মাটিৰ লগত পানী দি মিহলাব লাগে ৷ এতিয়া মাটিখিনি ভালদৰে খচি লৈ, দুদিনৰ বাবে বৰষুণ আৰু ৰ’দ নপৰাকৈ ভাল ঠাইত থ’ব লাগে ৷ ৩) কাঠৰ বাকচটো ৰান্ধনী ঘৰৰ চৌকা বনাবলৈ বিচৰা ঠাইত পাতি খচি থোৱা মাটিখিনি বাকচৰ সমান উচ্চতাত হেঁচি হেঁচি ভৰাই দিব লাগে ৷ ৪) মাটিখিনি ভৰোঁৱাৰ দুই তিনিদিনৰ পিছত অলপ টান হোৱা যেন পালে বাকচৰ কাঠ কেইটুকুৰা আতঁৰাই নিদিৰ্ষ্ট জোখত ছবিত (১ নংত) দেখুৱাৰ দৰে খৰি ভৰোৱা, ৰান্ধনীৰ বাবে বাচন বহোৱা আৰু ধোঁৱা ওলোৱা বিন্ধা কেইটাৰ পৰা মাটিখিনি উলিয়াই পেলাব লাগে ৷ ৫) এতিয়া কাটি থোৱা দ্বিতীয় বিন্ধাটোৰ মজিয়াৰ পৰা দুয়োকাষে এঢলীয়া কৰি সোমাজত বেৰ এখনৰ দৰে মাটিৰে দিব লাগে যাতে, চৌকাৰ ১ নং বিন্ধাৰ পৰা পোনে পোনে অহা জুইখিনি চিমনীলৈ যাব নোৱাৰে ৷ ৬) ১ নং বিন্ধাৰ পৰা ৪৫০ কোণ কৰি হাতখনেৰে সুৰুঙা এটা উলিয়াব লাগে ৷ সুৰুঙাটো হাতখন সোমোৱাব পৰাকৈ বহল কৰিব লাগে ৷ এনেদৰে ২ নং বিন্ধাৰ পৰা ৩ নং বিন্ধালৈ ধোঁৱা যাবৰ বাবে আন এটা সুৰুঙাও কৰিব লাগে ৷ ৭) ৩ নং বিন্ধাটোত ধোঁৱা ওলাই যাবৰ বাবে চিমনীটো বহুৱাৰ আগতে, চিমনীৰ তলৰ মূৰলৈ ৫ ছে:মি: বহল আৰু ১২ ছে:মি: দীগলকৈ কাটি লব লাগে ৷ চিমনীৰ কটা মুখখন ২ নং চৌকাৰ মাজৰ ধোঁৱা ওলোৱা বাটৰ ফালে মুখ কৰি বহুৱাই দিব লাগে ৷ ৩ নং বিন্ধাৰ তলৰ পৰা চিমনীৰ দৈৰ্ঘ্য সদায় ৬ ফুটৰ কম হ’ব নেলাগিব ৷ ৮) চিমনীৰ পাইপডাল কমেও চালৰপৰা ওপৰত ২ ফুট উলিয়াই ৰাখিব লাগে ৷ বৰষুণৰ পানী সোমোৱাৰ পৰা হাত সাৰিবলৈ ১ ফুট জালিৰ পাইপ ওলাই থকা চিমনীটোৰ মুখত বহুৱাই দিব লাগে ৷ নাইবা ৬ ফুট দীঘল চিমনীৰ লগত বেঁকা পাইপ এডাল লগাই বেৰৰ ফাঁকেদিও উলিয়াই দিব পাৰি (২ আৰু ৩নং চিত্ৰ) ৷ ৯) খৰি ভৰোৱা মুখখন ১৫ X ১৫ ছে:মি: হ’ব লাগে আৰু মাজভাগ মজিয়াতকৈ অলপ গভীৰ হ’ব লাগে তেতিয়াহে জ্বলা আঙঠাবোৰ গোটখাই জুইকুৰা গপগপীয়া হয় ৷ ১০) ৰন্ধা – বঢ়া কৰা বাচন চৌকাত বহুৱাই বিন্ধাটো সমান হৈছে নে নাই পৰীক্ষা কৰি চাব লাগে ৷ চৌকাটো জুই প্ৰয়োগ কৰাৰ এসপ্তাহৰ পিছতহে ব্যৱহাৰৰ উপযোগী হৈ পৰে ৷ সামগ্ৰীৰ তালিকা ১. বালি --- ১ বাল্টি ২. মাটি --- ৩ বাল্টি ৩. গোবৰ --- ১ বাল্টি ৪. চিমনী --- ১.৫ বা ২ টা(১১০ মি:মি) ৫. জালি পাইপ --- ১ টা লবলগীয়া যত্নসমূহ ১)ধোঁৱা ওলোৱা চিমনীটো চাফা কৰিবৰ বাবে ধানখেৰ নতুবা বালিৰে কাপোৰৰ টোপোলা এটা কৰি ল’ব লাগে ৷ টোপোলাটো লাঠি এডালৰ মূৰত ৰছীৰে লগাই ১০/১৫ দিনৰ অন্তৰে অন্তৰে চাফা কৰিব লাগিব যাতে চিমনীৰ ভিতৰফালে পৰিস্কাৰ হৈ থাকে ৷ ২)একেৰাহে জুইকুৰা চৌকাত দুঘন্টাতকৈ বেছি সময় দিব নালাগে ৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।