স্থান : শ্ৰেণী, ঘৰ, বাহিৰ গোটৰ আকাৰ : গাইগুটীয়া যোগাৰ : ৰঙীন চেল’ফেন (ৰঙা, নীলা, হালধীয়া আদি), বগা কাগজ, প্ৰাকৃতিকভাৱে ৰঙীন বস্তু, যেনে, ফুল, পাত আদি। উদ্দেশ্য ছাত্ৰ ছাত্ৰী সকলক ৰং সানমিহলি কৰাৰ জ্ঞান দিয়া আৰু পৰিবেশ সম্পৰ্কিত বিজ্ঞান প্ৰকল্প কৰাৰ বাবে দক্ষতা বৃদ্ধি কৰা। কি কৰিব ছাত্ৰ ছাত্ৰী সকলে একোখনকৈ কাগজ ল’ব- আৰু ফুলৰ পাহি, পাত আৰু ৰঙা, হালধীয়া, পাতল সেউজীয়া, বেঙেনা বুলীয়া, নীলা দি ৰঙৰ কাগজৰ টুকুৰা সেই কাগজ খনত লগাব। এতিয়া একোটুকুৰা ৰঙীণ চেল’ফেন কাগজ (ৰঙা, নীলা,হালধীয়া ইত্যাদি) বস্তুবোৰৰ ওপৰত ক্ৰমান্বয়ে লগাব। এনেকৈ হোৱা ৰঙৰ সানমিহলিৰ বাবে বস্তুবোৰৰ ৰঙৰ কি সলনি দেখা গৈছে ছাত্ৰ ছাত্ৰী সকলে নিৰীক্ষণ কৰিব। ৰঙীন চেল’ফেন লৈ বাহিৰৰ বস্তু কিছুমানো চাওকগৈ। পৰিৱৰ্তন/পৰিবৰ্ধন এনেকৈ চেল’ফেনৰ পৰা ৰঙীন ফিল্টাৰ সাজিব পাৰি। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।