স্থান : শ্ৰেণী গোটৰ আকাৰ : ৫-১০ সময় : ৩০-৪৫ মিনিট উপযুক্ত সময় : যিকোনো যোগাৰ : তেতেঁলী বা আন গুটি, ন’হলে প্ৰায় সমাকাৰ চেপেটা আন কিবা বস্তু পূৰ্ৱাৱশ্যকতা : গণাৰ জ্ঞান, লগতে উল্লম্বতা আৰু সমানুপাতিতাৰ জ্ঞান উদ্দেশ্য জনসংখ্যাৰ পিৰামিড বা শীৰ্ষৰ জ্ঞান। পঢ়া শেষ নকৰাকৈ বদ্যালয় এৰা সমস্যাৰ বিষয়ে আলোচনা। কি কৰিব এই কাৰ্য গাঁৱলীয়া অঞ্চলৰ স্কুলৰ বাবে উপযোগী। নগৰীয়া অঞ্চলত কামত নাহিব পাৰে। স্কুলৰ বহীৰ পৰা প্ৰতি শ্ৰেণীত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিওৱাত সহায় কৰক। ১) শ্ৰেণীটোৰ মজিয়াত এডাল সৰল ৰেখা টানক। ইয়াৰ সমকোণত আন এডাল ৰখা টানক। দুই চেণ্টিমিটাৰৰ মূৰে মূৰে পিচৰ ডাল (উলম্ব) ৰেখাত শ্ৰেণীৰ সংখ্যা ৱাচক নাম দিয়ক (১ম মান, ২য় মান আদিকৈ)। এই সংখ্যাবোৰ প্ৰথম (আনুভূমিক) ৰেখাডালৰ পৰা আৰম্ভ কৰিব। প্ৰতিটো শ্ৰেণীৰ বিপৰীতে উল্লম্ব ৰেখাডালৰ পৰা আৰম্ভ কৰি ক্ৰমে সোঁফাললৈ তেঁতেলী বা আন গুটিবোৰ সৰল ৰেখাত পাৰিব দিয়ক। বহীত থকা প্ৰতিটো ছাত্ৰ ছাত্ৰীৰ বাবে এটাকৈ গুটি পাতিব। একে ৰেখাত থকা গুটিবোৰ গাত লাগি থাকিব আৰু ৰেখাবোৰ সমান্তৰাল হ’ব লাগিব। তেওঁলোকক মন কৰিব আৰু কাৰণ ক’ব দিয়ক কেনেকৈ শাৰীবোৰ অসমান আৰু কেনেকৈ তলৰ শ্ৰেণীৰ পৰা ক্ৰমে ওপৰলৈ শাৰীবোৰ সলনি হৈ গৈ আছে। তেওঁলোকৰ সৈতে স্কুল এৰিব লগা হোৱা সমস্যাটো সংবেদনশীলভাৱে আলোচনা কৰক- সামাজিক আৰু অৰ্থনৈতিক দিশবোৰৰ কাৰণিও যে বহুতে স্কুল এৰিব লগা হয় তাকো ক’ব। ২) এতিয়া আনুভূমিক ৰেখাডাল বাওঁপিনে বঢ়াই দিয়ক আৰু প্ৰতিশাৰীৰ পৰা ল’ৰাক বুজোৱা গুটিবোৰ উঠাই উল্লম্ব ৰেখাডালৰ পৰা ক্ৰমে বাওঁফাললৈ বহাওক। ছাত্ৰ ছাত্ৰী সকলক উল্লম্ব ৰেখাডালৰ দুয়ো পিনৰ পাৰ্থক্যৰ বিষয়ে আলোচনা কৰি মতামত দিব কওক। এইবাৰ সোধক যোৱা বছৰ স্কুলত থকা কিমান ছাত্ৰ ছাত্ৰী এতিয়া স্কুলত নাই। তেওঁলোক বাৰু ক’ত আছে? কি কৰিছে? কি কাৰণে স্কুল এৰিলে? পৰিৱৰ্তন/পৰিবৰ্ধন ছাত্ৰ ছাত্ৰী সকলে গুটিবোৰ মজিয়াত নথৈ এখন কাগজত আঠা লগাই থ’ব পাৰে। শিক্ষকে তেওঁলোকক এই তথ্য বোৰৰ পৰা কেনেকৈ আয়লেখ আঁকিব পাৰি দেখুৱাই দিব। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।