স্থান : শ্ৰেণী গোটৰ আকাৰ : ২০-২৫ যোগাৰ : নালাগে উদ্দেশ্য ছাত্ৰ ছাত্ৰী সকলক মানুহৰ হাত দুখনৰ নানা ব্যৱহাৰৰ বিষয়ে সজাগ কৰা- জীৱন, কলা আনকি পৰস্পৰ বুজাবুজিতো। কি কৰিব আমাৰ দেহৰ অংগবোৰৰ ভিতৰত হাত আৰু বাহুৱেই সবাতোকৈ গুৰুত্বপূৰ্ণ। হাতৰ ব্যৱহাৰৰ শিক্ষা এইবোৰৰ মাজেদি হ’ব পাৰে : চালনা/গতি মনোভাৱ প্ৰকাশ এই কাম কাজবোৰত ছাত্ৰ ছাত্ৰী সকলক অকল হাতহে ব্যৱহাৰ কৰিব ক’ব। তেওঁলোকে হাতৰ নানা কামৰ কথা ভাবিব- বোটলা, পকোৱা, হাত চাপৰি দিয়া আদি; প্ৰথমে এটা আঙুলিৰে আৰু পিচত্ গোটেইবোৰ আঙুলিৰে। এজনে এটা ব্যৱহাৰৰ অভিনয় কৰি দেখুৱাব আৰু বাকীবোৰে কি কাম হ’ব পাৰে অনুমান কৰিব। এতিয়া হাতেৰে মনোভাৱ প্ৰকাশলৈ যাওক। কি, কেনেকৈ আদি প্ৰশ্ন এক, দুই আদি সংখ্যা আৰু নহয় আদি উত্তৰ সুন্দৰকৈ হাতেৰেই প্ৰকাশ কৰিব পাৰি। আঙুলিৰ মূৰত লেখাটো যেনিবা হাততে থকা এটা গণকযন্ত্ৰহে। হাত দুখন পানী খাবলৈ খোল কৰি পানীৰ পিয়লা এটাকে পোৱা যায়। এইবাৰ হাতৰ সৰু গাঁঠিলৈ আহক- ইয়াৰ অকোৱা পকোৱা সুচলতা। বুঢ়া আঙুলি- ছাত্ৰ ছাত্ৰী সকলক এইটোৰ নোলোৱাকৈ লিখিব কওক। প্ৰতিটো অংগযে কিমান উপযোগী। ছাত্ৰ ছাত্ৰী সকলক এইবাৰ বুঢ়া আঙুলি আৰু আন আঙুলিৰ ছাবৰ বিষয়ে কওক। বহুতো দোষীক আঙুলিৰ ছাবৰ পৰাই ধৰা পেলাব পাৰি। এটা উত্তেজনাপূৰ্ণ সাধুও ক’ব পাৰে। এটা চিয়াহীপটি (Inkpad) লওক আৰু ছাত্ৰ সকলৰ বুঢ়া আঙুলিবোৰৰ ছাব লওক। তেওঁলোকে নিজৰ নিজৰ ছাববোৰ চিনিব পাৰিব নে? পৰিৱৰ্তন/পৰিবৰ্ধন বাহুৰ চালনালৈ যাওক। ভাৰতীয় নৃত্য কলাত হাতৰ স্থান। মুদ্ৰা কাক বোলে? তেওঁলোকক জন্ত, চৰাই, গছ গছনি আদিবোৰৰ মুদ্ৰাৰ কথা কওক। প্ৰাৰ্থনা, পূজা আদিতো মুদ্ৰাৰ ব্যৱহাৰ সকলো সভ্যতাতে আছে। কি কি খেল ধেমালিত হাত অতি আৱশ্যকীয় আৰু কি কি খেলত সিমান আৱশ্যকীয় নহয়? জীৱ জন্তৱে কেনেকৈ হাত আৰু অংগ প্ৰত্যংগ ব্যৱহাৰ কৰে? কোনো কোনো মুদ্ৰা স্বাস্থ্যৰ বাবে ভাল। শিক্ষকে এই মুদ্ৰাবোৰৰ বিষয়ে পঢ়িব আৰু ল’ৰা ছোৱালীবোৰক কৰি দেখুৱাব। নতুন নতুন প্ৰতিমূৰ্তিৰ সৃষ্টি কৰিবলৈ উদগনি দিব। হাতৰ ছাঁৰে দেখুউৱা খেলবোৰো বৰ আমোদজনক। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।