স্থান : বাহিৰ গোটৰ আকাৰ : পূৰা শ্ৰেণী সময় : ৩০-৪৫ মিনিট যোগাৰ : শিল, বল উদ্দেশ্য গৈ থাকোঁতে বস্তু পাতি ধৰা কিমান টান তাক বুজা। কি কৰিব ৰৈ থাকি কিবা এটা বস্তু তুলি লোৱা বা ধৰা সহজ; কিন্ত বেগাই গৈ থাকিয়ে তেনে কৰা বেচ টান আৰু ধৰিব খোজা বস্তুটো যদি গৈ থাকে তেন্তে ধৰাটো আৰু বেচি টান। পিচে তেনে হ’লেও সাধাৰণতে চৰাই চিৰিকতিয়ে আহাৰ ধৰা এয়েই উপায়। চিলনী বা আন চিকাৰী চৰাইয়ে তাৰ চিকাৰ অন্য সৰু জন্ত বা চৰাইৰ ওপৰত সাউতকৈ পৰেহি। ফেচু, চুঙা বাদুলী আদিয়ে থিতাতে ঘূৰি উৰি উৰি আকশত উৰি ফুৰা পোক পৰুৱা আদি ধৰে। ছাত্ৰ ছাত্ৰী সকলক একোটা শিলগুটি তুলি ল’বলৈ কওক। অতি সহজেই পাৰিব। এইবাৰ তেওঁলোকক যিমান বগাই পাৰে দৌৰি আহিব কওক আৰু দৌৰতে শিলগুটিটো তুলি লৈ আকৌ দৌৰি গৈ থাকিব কওক। সিমান সহজে নোৱাৰিব। এইবাৰ কোনোএজনে এটা টান বল মাটিয়েদি মাৰি দিয়ক অথবা ওপৰলৈ মাৰি দিয়ক আৰু আন এজনে দৌৰি দৌৰিয়ে বলটো ধৰিব খোজক। এনেকৈয়ে ক্ৰিকেট খেলৰ অভ্যাস কৰে। ছাত্ৰ ছাত্ৰী সকলেও এনে কৰি বেচ মজা পাব। পৰিৱৰ্তন/পৰিবৰ্ধন ছাত্ৰ ছাত্ৰী সকলে চুঙা বাদুলী বা ফেচু বিচাৰি সেই বিলাকে কিমান সুন্দৰ ভাৱে সিঁহতৰ আহাৰ আকাশতে ধৰি খায় চাওক। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।