স্থান : শ্ৰেণী গোটৰ আকাৰ : ২-৩ সময় : ৩০-৪৫ মিনিট যোগাৰ : দিনৌ ব্যৱহাৰ কৰা ইটো সিটো বস্তু কলম, চুৰি, পিয়লা, গিলাচ, কিতাপ, চামুচ, চুপি আদি। উদ্দেশ্য কেনেকৈ আমাৰ দেহৰ এটা অকণমানি অংগয়ো (ইয়াত আমাৰ হাতৰ আঙুলি) একো একোটা গুৰুত্বপূৰ্ণ কাম কৰে, তাকে বুজোৱা। কি কৰিব এগৰাকী ছাত্ৰ বা ছাত্ৰীক এবাৰত একোটা বস্তু তুলি ল’ব কওক, যেনে কলম, পিয়লা, চুৰি, বল আদি। আন সকলে মনোযোগেৰে চাব কি কি আঙুলি প্ৰতিটো বস্তু ধৰা আৰু তুলি লোৱাত ব্যৱহাৰ কৰিছে আৰু কেনেদৰে ব্যৱহাৰ কৰিছে (যেনে খামুচি, তুলি ধৰি, থেলি, লৰাই চৰাই, আদি) এই নিৰীক্ষণৰ পৰা কি আঙুলি কি কামত ব্যৱহৃত হয় চিনাক্ত কৰাৰ পিচত সেই আঙুলি ব্যৱহাৰ নকৰাকৈ তেনে বস্তু ধৰিবলৈ চাব। উদাহৰণ : বুঢ়া আঙুলি ব্যৱহাৰ নকৰাকৈ কলম এটা ধৰিব কওক। তেওঁলোকে দেখা পাব তেনে কৰা কিমান টান আৰু বুজিব যে বিশেষ কামৰ বাবে বিশেষ আঙুলি আছে। ইয়াৰ পৰাই তেওঁলোকে বিকলাংগ সকলৰ অসুবিধাৰ কথা অনুভৱ কৰিব। দেহৰ আন অংগক বিকল হোৱা অংগৰ কাম কৰিবলৈ শিকোৱাত লগা পৰিশ্ৰম আৰু কৌশলৰ কথাও তেওঁলোকে অনুভৱ কৰিব। পৰিৱৰ্তন/পৰিবৰ্ধন ছাত্ৰ ছাত্ৰী সকলক অনুমান কৰিব কওক আন ধৰণৰ হাত হোৱা হ’লে কি হ’ল হেঁতেন। কেইখিলা মান ডাঠ কাগজ লওক আৰু ১৫ চে.মি. মান দীঘল পাঁচডাল নলী কৰক আৰু পাঁচাটা আঙুলিক পিন্ধক। তেওঁলোকে এই দীঘল আঙুলি ভিন ভিন কাম কৰোঁতে ব্যৱহাৰ কৰক আৰু নতুন অনুভৱ আগৰ অনুভূতিৰ সৈতে তুলনা কৰক। খোৱাৰ সময়ত তেওঁলোকে মন কৰিব ভিন ভিন আহাৰৰ কাৰণে কিমান পৃথক পৃথক ধৰণে আঙুলি ব্যৱহৃত হয়। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।