উদ্দেশ্য স্পৰ্শৰ জৰিয়তে প্ৰকৃতিৰ বিষয়ে জানিবলৈ উৎসাহ দিয়া। কি কৰিব প্ৰতিগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে একোটাকৈ শিল বা শিলগুটি বিচাৰি ল’ব। দুই মিনিটমান শিলগুটিটো লিৰিকি বিদাৰি চাব। তাৰ পিচত প্ৰতিটো শিলগুটিতে একোটা চিন দিব, যেনে নীলা বৰ্গ, ৰঙা ত্ৰিভুজ আদি। শিলগুটিবোৰ ছাত্ৰছাত্ৰীসকলে দলপতিৰ হাতত জমা দিব। তেওঁ সেইবোৰ মিহলি কৰি পুনৰ ভগাই দিব। ইতিমধ্যে বাকী ছাত্ৰছাত্ৰীবোৰৰ চকু বান্ধি ল’ব নাইবা তেওঁলোকে চকু মুদিবও পাৰে। প্ৰতিজন ছাত্ৰছাত্ৰীয়ে তেওঁক দিয়া শিলগুটিতো ছুই চাব। শিলগুটিতো যদি তেওঁ আগতে লোৱাটো নহয়, তেন্তে সেইটো তেওঁৰ বাওঁফালৰজনক দি দিব। এনেকৈ গৈ থাকিব, যেতিয়া তেওঁৰ নিজৰ শিলগুটিতো হাতত পৰিব তেওঁ খেলৰ পৰা আঁতৰি যাব। যদি শিলগুটি চিনি পাবলৈ সময় বেছি ল’ব খোজে, তেন্তে তেওঁলোকক স্পৰ্শৰদ্বাৰা সহজতে চিনিব পৰা বিশেষ ধৰণৰ শিলগুটি বাছি ল’বলৈ দিব লাগে। পৰিৱৰ্তন/পৰিৱৰ্ধন পাত, বাকলি আদি লৈও একে খেল খেলিব পাৰি। আন্ধাৰত নিজৰ বাট বিচাৰি ল’বলৈ স্পৰ্শৰ গুৰুত্ব বাখ্যা কৰিব। ব্ৰেইল আখৰৰ কথা আলোচনা কৰিব আৰু অন্ধলোকৰ বাবে ইয়াৰ উপযোগিতাৰ কথা ক’ব। উৎস: শিকাৰ আনন্দ।