স্থান : বাহিৰ গোটৰ আকাৰ : ১৫ সময় : ৩০ মিনিট উপযুক্ত সময় : যি কোনো যোগাৰ : শব্দ কৰিব পৰা নানা বস্তু, যেনে চামুচ আৰু কাঁহি, দুখন বাতৰি কাকত, দুডাল এছাৰি, বটল আদি। এইবোৰ যুৰীয়া হ’ব লাগিব যাতে দুজন শিক্ষাৰ্থীয়ে একে শব্দ কৰিব পাৰে। সকলোৰে বাবে চকুত বন্ধা কাপোৰ। উদ্দেশ্য শব্দৰ প্ৰতি সজাগ কৰা আৰু ই আমাক কেনেকৈ জীৱন ৰক্ষাত সহায় কৰে তাৰ প্ৰতিও সজাগ কৰা। কি কৰিব ১৫ বা ২০ মিটাৰ বৰ্গৰ এখন পথাৰ লওক। ইয়াৰ ভিতৰতে কোনো গছ, শিল আদি প্ৰতিবন্ধকো থাকিব পাৰে। ছাত্ৰ ছাত্ৰী সকলে বৃত্তাকাৰে বহিব আৰু তেওঁলোকক বুজাই দিব যে চিন দিয়া পথাৰৰ ভিতৰতে খেল খন হ’ব লাগিব। দুজনে দুজনে একে ধৰণৰ শব্দ কৰা বস্তু ল’ব। শব্দৰ উমান লৈয়ে তেওঁলোকে ইজনে সিজনক বিচাৰি পাব লাগিব। প্ৰতিযোৰাৰ বাবে ভিন ভিন শব্দ কৰা বস্তুও হ’ব লাগিব। তেওঁলোকক চকু বন্ধি দিয়ক। এতিয়া তেওঁলোক উঠি দল বান্ধি ইফালে সিফালে যাব। তাৰ পিছত তাৰে দুজনক একে শব্দ কৰা বস্তু দিয়ক। এওঁলোক দুজন ইজনৰ পৰা সিজন যিমান পাৰে সিমান দূৰত থকা হ’ব লাগে। এজন শিক্ষাৰ্থীক শব্দ কৰা একো বস্তু নিদিব। এনেকৈ প্ৰতি যোৰা শিক্ষাৰ্থীয়ে ভিন ভিন শব্দ কৰা বস্তু পাইছে। প্ৰত্যেকে এতিয়া ইফালে সিফালে যাবলৈ আৰম্ভ কৰিব, মাজে মাজে জিৰাব আৰু শব্দ কৰিব, যাতে একে ধৰণে শব্দ কৰা আনজনক বিচাৰি পাব পাৰে। প্ৰ্তিবিধ শব্দ একোটা জন্ত বুলি ধৰিব পাৰি। শব্দ নকৰা জন হ’ল এটা চিকাৰী জন্ত। তেওঁ ইফালে সিফালে যাওঁতে হাত চাপৰি দিব আৰু শব্দৰ ওপৰত নিৰ্ভৰ কৰি চিকাৰ কৰিব খুজিব। যিবিলাকে নিজৰ নিজৰ সংগীক লগ পাইছে, তেওঁলোকে শব্দ কৰা বন্ধ কৰিব, আৰু তেনে বোৰক চিকাৰীটোৱে ধৰিব নোৱাৰা হ’ব। পৰিৱৰ্তন/পৰিবৰ্ধন যিবিলাক চিকাৰ হ’ল তেওঁলোক সংগীৰ সৈতে খেলৰ পৰা বাহিৰ হ’ব। চিকাৰ হোৱাবোৰে পিচত খেলত যোগ দিব পাৰিব। চিকাৰীৰ সংখ্যা বঢ়াই খেল খেলিব। চিকাৰীটোৱে কোনো শব্দ নকৰাকৈয়ে ঘূৰি ফুৰাকৈও খেল খেলিব। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।