স্থান : বাহিৰ গোটৰ আকাৰ : ৩ বা ৪ সময় : ৩০ মিনিট উপযুক্ত সময় : পুখুৰীৰ চাৰিও কাষৰ মাটি ভিজা বা সেমেকা হৈ থকা যোগাৰ : কাগজ, কলম, বিৱৰ্ধক কাচ (হয় যদি) উদ্দেশ্য ছাত্ৰ ছাত্ৰী সকলৰ নিৰীক্ষণ ক্ষমতা বৃদ্ধি। মাটিত পৰা চিনৰ পৰিচয়। কি কৰিব ছাত্ৰ ছাত্ৰী সকলক এটা পুখুৰীৰ পাৰলৈ লৈ যাওক আৰু ৩/৪ জনীয়া একো একোটা গোটত ভাগ কৰক। তেওঁলোকক সাৱধানে খোজ দিব ক’ব যাতে পুখুৰীৰ কাষৰ ঠাইত নিচেই কম ব্যাঘাত জন্মে। পুখুৰীৰ কাষৰ ভিজা/সেমেকা মাটি ভালদৰে নিৰীক্ষণ কৰিব কওক (আছে যদি, বিৱৰ্ধক কাচো ব্যৱহাৰ কৰিব পাৰে)। সৰু সৰু ছিদ্ৰলৈ তেওঁলোকে মন কৰিব আৰু ছিদ্ৰৰ পৰা কিবা ওলাই গৈছে নেকি বা তাত কিবা সোমাইছে নেকি নীৰবে আৰু সাৱধানে নিৰীক্ষণ কৰিব। তেওঁলোকে পুখুৰীৰ কাষৰ মাটিত আন কিবা চিন বা লিক আছে নেকি মন কৰিব আৰু সেইবোৰ কিহৰ হ’ব পাৰে চাব, যেনে পোক পতংগৰ চৰাইৰ সৰু প্ৰাণীৰ (কেৰ্কেটুৱা, নেউল, শামূক আদিৰ) ডাঙৰ জন্তৰ (গৰু, ম’হ, কুকুৰ আদি) সৰীসৃপ (সাপ, জেঠি আদি) মানুহ দুনুহৰ। ছাত্ৰ ছাত্ৰী সকলে টোকা বহীত ভিন ভিন চিন বা লিকৰ চিত্ৰ আঁকিব। পাৰিলে কোনটো কি প্ৰাণীৰ নিৰ্ধাৰণ কৰিব আৰু বাকীবোৰৰ বিৱৰণ লিখি থ’ব। তেওঁলোকে মাটিত নিজৰ ভৰি বা হাতৰ চাপো মাৰিব পাৰে। পৰিৱৰ্তন/পৰিবৰ্ধন এনে পৰ্যবেক্ষণ সাগৰৰ পাৰত, নদীৰ পাৰত বা নদীৰ বুকুতো কৰিব পাৰে। মূল্যায়ন এই প্ৰশ্নবোৰ ছাত্ৰ-ছাত্ৰী সকলক সুধিব পাৰে: মাটিত গাঁত বা বিন্ধা কিয় আছে ? মাটিত কেনেকৈ চিন বা লিক হ’ল? উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।