স্থান : বাহিৰ গোটৰ আকাৰ : পূৰা শ্ৰেণী সময় : ৬০ মিনিট যোগাৰ : নালাগে উদ্দেশ্য ছাত্ৰ ছাত্ৰী সকলক পাৰিপাৰ্শিকতাৰ উষ্ণতাৰ ওপৰত, পানীৰ প্ৰভাৱৰ বিষয়ে বুজোৱা। তেওঁলোকৰ চাৰিওফালৰ জলবায়ুৰ তাৰতম্যৰ বিষয়ে সচেতন কৰি তোলা। কি কৰিব ছাত্ৰ ছাত্ৰী সকলক এটা পুখুৰীৰ ওচৰলৈ লৈ যাওক। তেওঁলোকক পুখুৰীলৈ খুব লাহে লাহে আগ বাঢ়িব কওক। গৈ থাকোতা উষ্ণতাৰ কিবা পৰিবৰ্তন অনুভৱ কৰিছেনে? যদি বতাহ বলি আছে, তেন্তে তেওঁলোকে পুখুৰীৰ ভিন ভিন কাষত থিয় দি কিবা উষ্ণতাৰ পৰিৱৰ্তন অনুভৱ কৰে নেকি চাওক। আন ঠাইতো উষ্ণতাৰ কিবা পৰিৱৰ্তন হয় নেকি চাওক। তেওঁলোকে গছৰ তলত থিয় দি চাওক, জোপোহা গছৰ তলেদি চুচৰি চাওক, গছত উঠি চাওক। তেওঁলোকে পুখুৰীৰ পানীত হাত দি চাওক, পানীৰ ভিতৰলৈ হাত সুমুৱাই দি চাওক। শিল এটাৰ তলত হাত দিয়ক, শিলটোৰ ওপৰ পিঠিতো হাত দি চাওক। গাঁত এটা খান্দি তাৰ ভিতৰৰ আৰু উষ্ণতাৰো উমান লওক। উষ্ণতাৰ কিবা পাৰ্থক্য পালেনে? সাৱধান শিলৰ তলত বিষক্ত পোক পৰুৱা বা সাপ আদি থাকিব পাৰে। পানীৰ কাষলৈ যাওঁতেও সাৱধান হ’ব। পৰিৱৰ্তন/পৰিবৰ্ধন সূক্ষ্ম জলবায়ুৰ ধাৰণাৰ সৈতে পৰিচয় কৰাওক- ছাত্ৰ ছাত্ৰী সকলে নিৰীক্ষণ কৰা এখন সীমিত ঠাইৰ জলবায়ু, এনে ঠাইবোৰ তাত থকা পোক পৰুৱা, চৰাই বা অন্য জন্তুৰ সৈতে সম্পৰ্কৰ বিষয়ে ছাত্ৰ ছাত্ৰীক সোধক। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।