স্থান : বাহিৰ গোটৰ আকাৰ : পূৰা শ্ৰেণী সময় : ৩০ মিনিট যোগাৰ : সকলোৰে বাবে চকুত বন্ধা কাপোৰ পুৰ্ৱাৱশ্যকতা : কোনো এটা বাট বাছি থ’ব। উদ্দেশ্য পৰিবেশ পৰিক্ষণত ইন্দ্ৰিয় অনুভূতিৰ বিকাশ (দৰ্শনেন্দ্ৰিয়ৰ বাহিৰে)। কি কৰিব ছাত্ৰ ছাত্ৰী সকলে যোৰ বান্ধি ল’ব। প্ৰতিযোৰৰ এজনৰ চকু বান্ধিব। প্ৰতিযোৰকে এতিয়া একাদিক্ৰমে কিছুমান প্ৰতিবন্ধক পাৰ হৈ যাব কওক। যেনে নলা, গছ, ওলমি থকা ডাল আদি। যোৰটোৰ চকু নব্ধা জনে বাট দেখুৱাই লৈ যাব। কোনো প্ৰতিবন্ধক নাপালে সাজি ল’ব যেনে মাটিত কোনো চিন টানি, কোনো জনে গছৰ নিচিনা কাম কৰি বা আচবাব আদি ব্যৱহাৰ কৰি। বাট দেখুওৱা জনে কোনো কথা নোকোৱাকৈ বাট দেখুৱাব , যেনে চকু বন্ধা জনৰ হাতত ধৰি প্ৰতিবন্ধকবোৰ চুই চাব দিব। এনেকৈ কিছু সময় যোৱাৰ পিচত প্ৰতিযোৰৰ চকু বন্ধা আৰু নবন্ধা জনৰ ভূমিকা সাল সলনি কৰিব। পৰিৱৰ্তন/পৰিবৰ্ধন যোৰ যোৰকৈ নহৈ, গোটেই শ্ৰেণীটোৱে হাতত ধৰা ধৰি কৰি শাৰী পাতি যাব পাৰে, এজনৰ চকু খোলা, তাৰ পিচৰ জনৰ চকু বন্ধা এনেকৈ। ৰীৰ নেতা জনৰ বাহিৰে আন প্ৰত্যেকৰে চকু বান্ধিও খেল্টো খেলিব পাৰে। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।