স্থান : বাহিৰ গোড়ত আকাৰ : গাইগুটীয়া সময় : ৬০ মিনিট যোগাৰ : টোকাবহী বা উকা কাগজ, পেঞ্চিল, খৈ মাটি (পালো) উদ্দেশ্য চৰাই চিৰিকতিৰ বহিঃলক্ষণ চিনাক্ত বহিঃলক্ষণ চাই চৰাই চিনাক্ত কৰিবলৈ সহায় কৰা ছাত্ৰ ছাত্ৰী সকলৰ নিৰীক্ষণ, লিপিকৰণ আৰু চিত্ৰ্ংকণৰ অভ্যাস কৰোৱা। কি কৰিব ছাত্ৰ ছাত্ৰী সকলে ওলাই গৈ কেইবিধ মান চৰাই নিৰীক্ষণ কৰিব। তেওঁলোকে চৰাইৰ কেইটামান মৌলিক লক্ষণ চিনাক্ত কৰিব, যেনে -ঠোঁট -ভৰি -গা -ডেউকা -ডিঙি -নেজ (ফিছা) -মূৰ -চকু ছাত্ৰ ছাত্ৰী সকলক এইবোৰৰ গাইগুটীয়া চিত্ৰ আঁকিবলৈ শিকাব (ছৱিত দেখুওৱাৰ দৰে সহজ আকাৰৰ)। তেওঁলোকে ওলাই গৈ নানা চৰাই চিৰিকতি নিৰীক্ষণ কৰিব আৰু ৰ্ং, আকাৰ আৰু লগতে আন আন বহিঃলক্ষণ সমূহৰো পৰিৱৰ্তন লক্ষ্য কৰিব আৰু লিপিবদ্ধ কৰিব। তেওঁলোকে নিৰীক্ষণ কৰা চৰাইবোৰৰ আকৃতিৰ ধৰণ অনুসৰি সৰল চিত্ৰ আঁকিব। চৰাইবোৰৰ আচল ৰঙৰ লগত যিমান পাৰে মিলাই চিত্ৰবোৰত ৰং দিব। চিত্ৰবোৰ এখন টোকাবহীত লগাই থ’ব। পৰিৱৰ্তন/পৰিবৰ্ধন তেওঁলোকে চৰাইবোৰৰ ঠোঁট আৰু ভৰিৰ আকাৰ মিলাই চাব সেইবোৰৰ আহাৰ খোৱা ধৰণৰ লগত সম্পৰ্ক লক্ষ্য কৰিব। ভিন ভিন চৰাইৰ ভিন ভিন আকাৰ হোৱাৰ কাৰণ উলিয়াবলৈ আৰু সেই বিষয়ে আলোচনা কৰিবলৈ উদ্গনি দিব। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।