স্থান : বাহিৰ গোটৰ আকাৰ : পুৰা শ্ৰেণী সময় : চলি থাকিব উপযুক্ত সময় : বছৰৰ যি কোনো ঋতু যোগাৰ : পুৰণা টোকা বহী (উকা বগা কাগজ), কলম, ৰঙৰ বাকচ (যদি পায়) উদ্দেশ্য গছৰ বিভিন্ন অংশৰ সৈতে ছাত্ৰ ছাত্ৰীক পৰিচয় কৰোৱা। বিভিন্ন অংশবোৰে গছ জোপাই বিশেষ আকৃতি লোৱাত যে সহায় কৰে তাক বুজোৱা। ছাত্ৰ ছাত্ৰী সকলৰ নিৰীক্ষণ লিপি কৰা আৰু চিত্ৰণৰ অভ্যাস আৰু দক্ষতাৰ বিকাশ কৰা। কি কৰিব ছাত্ৰ ছাত্ৰী সকলক কেই জোপা মান গছ নিৰীক্ষণ কৰিবলৈ আৰু তাৰ বিভিন্ন অংশবোৰ চিনি ল’বলৈ দিয়ক। বিভিন্ন অংশবোৰ অঁকা হ’লে তেওঁলোকে বেলেগ বেলেগ ধৰণৰ গছবোৰ মন দি চাব, যেনে ওখ বা চাপৰ গছ। বৰ বেছি বা বৰ কম পাত থকা গছ অতি বেচি বা অতি কম ডাল থকা গছ। ডাঙৰ ডাঙৰ বা সৰু সৰু পাত গছ আদি আৰু লগতে সিবিলাকৰ বৈচিত্ৰ্য লক্ষ্য কৰিব। গছৰ অংশবোৰে কেনেকৈ গছ এজোপাৰ আকৃতি স্থিৰ কৰে সেই বিষয়ে আলোচনা কৰিবলৈ ছাত্ৰ ছাত্ৰী সকলক উৎসাহ দিব। বিভিন্ন অংশৰ স্থানৰ ওপৰত আলোকপাত কৰি গছৰ চিত্ৰ আঁকিবলৈও তেওঁলোকক ক’ব পাৰি। এনে চিত্ৰবোৰ টোকা বহীত লগাই ল’ব। তেওঁলোকে অঁকা গছৰ চিত্ৰৰ উপযুক্ত স্থানত পুৰণা আলোচনীৰ পৰা কটা বিভিন্ন চৰাই। পতংগ আদিৰ ৰঙীন ছবি লগাই দিব। প্ৰৱৰ্তন/পৰিবৰ্ধন ছাত্ৰ ছাত্ৰী সকলে নিৰীক্ষণ কৰা গছ গছনিবোৰ বছৰৰ ভিন ভিন সময়ত লক্ষ্য কৰিব আৰু দেখ পোৱা কোনো পৰিৱৰ্তন টুকি থব। এই পৰিৱৰ্তন সমূহৰ কাৰক সমূহ যুক্তিৰ যোগেৰে উলিয়াবলৈ তেওঁলোকক উৎসাহিত কৰিব। উৎস: শিকাৰ আনন্দ।