স্থান : বাহিৰ গোটৰ আকাৰ : পূৰা শ্ৰেণী সময় : যিমান ইচ্ছা উপযুক্ত সময় : বাৰিষা বা মেঘ থকা যোগাৰ : কাগজ, কলম উদ্দেশ্য আকাশত মেঘৰ চানেকি নিৰীক্ষণ। কি কৰিব মেঘাচ্ছন্ন দিন এটাত ছাত্ৰ ছাত্ৰী সকলক বাহিৰলৈ লৈ যাওক, আকাশ খন আৰু মেঘবোৰলৈ মন দিবলৈ কওক। তেওঁলোকে ডুখৰীয়া মেঘৰ চানেকি, আকৃতি, আকাৰ আদিৰ লগতে আকাশত সেইবোৰৰ গতিবিধি লক্ষ্য কৰিব। প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীয়ে একোডোখৰ মেঘ বাছি লব আৰু ইয়াৰ এটা চিত্ৰ আঁকিব। এনেকৈ এডোখৰৰ পিচত আন ডোখৰকৈ শেষত মেঘৰ চিত্ৰৰ ধাৰিকা (এলবাম) এখন কৰিব পাৰে। মেঘবোৰ আৰু সিঁহতৰ গতিবিধি লক্ষ্য কৰিলে কি কথা মনলৈ আহে সেই বিষয়ে ছাত্ৰ ছাত্ৰী সকলক সোধক। তেওঁলোকে মেঘবোৰৰ মাজত কেনে মেঘে বৰষুণ দিয়ে ক’ব পাৰেনে? কোন কোন ঋতুত কেনে মেঘ দেখা যায়? পৰিৱৰ্তন/পৰিবৰ্ধন বেলেগ বেলেগ ধৰণৰ মেঘৰ কথা আলোচনা কৰিব আৰু সিঁহতৰ নাম থাকিলে ক’ব বা লাগিলে দিব। বছৰৰ ভিন ভিন ঋতুত সাধাৰণতে দেখা মেঘৰ চানেকি আঁকিব কওক। কেনেবোৰ চানেকিৰ মেঘে বৰষুণ দিয়ে আলোচনা কৰক। মূল্যায়ন মেঘাচ্ছন্ন দিনত ছাত্ৰ ছাত্ৰী সকলক তেওঁলোকে বৰষুণ দিব বুলি ভাবে নেকি সোধক। এনে ভৱুষ্যত বাণীবোৰ লিপিবদ্ধ কৰিব। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।