স্থান : শ্ৰেণী গোটৰ আকাৰ : গাইগুটীয়া বা ২/৩ জনীয়া সময় : মুখাটোৰ গঠন লৈ এদিনৰ পৰা এসপ্তাহ যোগাৰ : ডাঠ কাগজ,ক্বাতৰি কাকত, ময়দাৰ আঠা, চিঁয়াহী, কেঁচি পূৰ্ৱাৱশ্যকতা : হাতৰ কাম কৰা বস্তু ব্যৱহাৰৰ অভ্যাস উদ্দেশ্য মুখা সজাৰ মাজেদি ছাত্ৰ ছাত্ৰী সকলক বিভিন্ন জীৱ জন্তৰ মুখাকৃতিৰ লগত চিনাকি কৰোৱা। অভিনয়ৰ দ্বাৰা জীৱজন্তৰ চাল চলন বুজি পোৱা। কি কৰিব ছাত্ৰ ছাত্ৰী সকলক ডাঠ কাগজ ল’বলৈ কওক। নহ’লে ৫/৬ খিলা পুৰণি বাতৰি কাকত এখনৰ ওপৰত এখনকৈ আঠা লগাই ৰ’দত শুকুৱাই ডাঠ কাগজৰ দৰে কৰিব কওক। ডাঠ কাগজ খন হোৱাৰ পিছত তাত সাজিব খোজা জন্তৰ মুখখনৰ সন্মুখ ভাগ পেঞ্চিলেৰে আঁকি ল’ব। আঁচবোৰ স্পষ্ট আৰু ডাঠকৈ অঁকা হ’ব লাগিব। এতিয়া আকাৰটো কেঁচিৰে কাটি লওক আৰি ডোল লগাই দিয়ক। তেওঁলোকক নানা জন্ত, চৰাই, গছ গছ্নি, ফুল, ফল আদিৰো মুখা সজাৰ বাবে ধাৰণা গঢ়ি ল’বলৈ দিয়ক। ত্ৰিমাত্ৰিক মুখা সাজিবলৈ প্ৰয়োজন হোৱা সামগ্ৰীৰ ব্যৱহাৰ কৰিবলৈ উদ্গণি দিব, যেনে শিং আৰু কাণ, চৰাইৰ ঠোঁট আদি। মুখাবোৰত ৰং দিলে আৰু বেচি মনোৰঞ্জক হ’ব আৰু তেতিয়া নিৰীক্ষণ শক্তি তীক্ষ্ণ হ’ব। মুখাবোৰ সজা হ’লে ছাত্ৰ ছাত্ৰী সকলে সেইবোৰ পিন্ধি জন্ত্বোৰৰ চলন ফুৰণৰ অভিনয় কৰিব। এই কাম কাজে ধেমালিৰ চলতে শিক্ষা লাভৰ বচ সুবিধা দিয়ে। পৰিৱৰ্তন/পৰিবৰ্ধন প্ৰকৃতিৰ অগত মিল ৰাখি ছাত্ৰ ছাত্ৰী সকলক সৃজনীমূলক লিখা আৰু সাজপাৰৰ আৰ্হি কৰাৰো সুযোগ দিব পাৰি। জীৱজন্তৰ সাধু নাটক কৰি দেখুৱাবলৈ উদ্গণি দিব। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।