স্থান : শ্ৰেণী গোটৰ আকাৰ : ১০-১৫ সময় : ১৫-২০ মিনিট যোগাৰ : পাৰিলে সুৱলা তান। উদ্দেশ্য নিজকে গছ এজোপা বুলি অনুভৱ কৰা আৰু অভিনয়ৰ মাজেদি ইয়াৰ সঁহাৰি কল্পনা কৰা। কি কৰিব ছাত্ৰ ছাত্ৰী সকলে গছ জোপাই কেনে অনুভৱ কৰে অভিনয়েৰে প্ৰকাশ কৰিব, যেতিয়া ফিৰফিৰীয়া বতাহ বয় প্ৰচণ্ড ধুমুহা আহে বনজুই জ্বলে গা গছেৰে কেৰ্কেটুৱা এটা বগাই যায় কোনোৱে পাত আৰু ফল আদি টুঙে গছৰ বাকলিত কিহবাৰ চিত্ৰ কাটে বৰষুণ দিয়ে ল’ৰা ছোৱালীয়ে গা-গছত বা ডলত বগায় কোনো পানী দিয়ে কোনোৱে কাটে নেপথ্য তান বাজি থাকিলে এই অভিনয় আৰু বেচি ফলপ্ৰসূ হ’ব। পৰিৱৰ্তন/পৰিবৰ্ধন ছাত্ৰ ছাত্ৰী সকলে বছৰৰ বিভিন্ন সময়ত ওপৰৰ অৱস্থাবোৰত গছ গছনি নিৰীক্ষণ কৰিব। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।