স্থান : বাহিৰ গোটৰ আকাৰ : পূৰা শ্ৰেণী যোগাৰ : নালাগে উদ্দেশ্য ভৰিৰ বিভিন্ন অংশ খোজ কঢ়াত, দৌৰাত আৰু জঁপিওৱাত কেনেকৈ ব্যৱহাৰ কৰোঁ তাৰ জ্ঞান দিয়া। কি কৰিব ১) ছাত্ৰ ছাত্ৰীজনে এডৰা আটিল, বালিচহীয়া মাটি চাফা কৰি লওক। মাটিডৰা এক মিটাৰ বহল কৈ দীঘলে দীঘলে তিনি ভাগ কৰক। ২) পানী ছটিয়াই দি শুহিবলৈ দিয়ক। ৩) এজন ছাত্ৰ/ছাত্ৰীয়ে এটা ভাগেৰে খোজ কাঢ়ি যাওক। ৪) কাষৰ ভাগটোৰে আন এজনে দৌৰি যাওক। ৫) তৃতীয় ভাগটোৰে আন এজনে জঁপিয়াই যাওক। ৬) এতিয়া তিনিও ধৰণে পৰা খোজবোৰৰ মাজৰ দূৰত্ব জোখক আৰু খোজবোৰৰ ধৰণো মন কৰক। ইয়াৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ দেহ চালনাৰ ওপৰত এটা আলোচনা কৰিব পাৰে আৰু লগতে অন্য কিছুমান কাৰ্যও কৰিবলৈ দিব পাৰে। পৰিৱৰ্তন/পৰিবৰ্ধন ভিন ভিন জীৱ জন্ত যেনে কুকুৰ, ছাগলী, ঘোঁৰা, চৰাই আদিৰ খোজ পৰীক্ষা কৰি চাব আৰু মানুহৰ খোজৰ অনুৰুপ অংশবোৰ চিনাই দিব। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।