স্থান : শ্ৰেণী, ঘৰ গোটৰ আকাৰ : গাইগুটীয়া সময় : ১০-১৫ মিনিট যোগাৰ : কাগজ, চিয়াহী বা পানী ৰং, সূতা উদ্দেশ্য প্ৰকৃতিত থকা প্ৰতিসমতাৰ পৰিচয়। প্ৰতিসমতানো কি উদাহৰনেৰে সৈতে ছাত্ৰ ছাত্ৰী সকলক বুজাই দিয়ক। কি কৰিব ছাত্ৰ ছাত্ৰী সকলক এখিলা কাগজ মাজতে ভাঁজ কৰিব কওক। কাগজখিলা এতিয়া খোলক, এফালে চিয়াহী বা ৰঙৰ টোপোলা ছটিয়াই দিব দিয়ক আৰু এতিয়া কাগজ খিলা আগৰ দৰে ভাঁজ কৰক। কাগজ খিলাৰ ওপৰেদি আঙুলিৰে হেঁচি কাল্পনিক চিত্ৰ আঁকিব পাৰে। ভাঁজ কৰাৰ আগতে টোপোলাবোৰৰ মাজেৰে এডাল সূঁতা থ’ব। কাগজ খন ভাঁজ কৰি হেঁচা মাৰি ধৰিব আৰু সূঁতাডাল টানি উলিয়াই আনিব। কাগজ খিলা খোলক। ভাঁজটোৰ দুয়োকাষে আমোদ জনক চানেকি দেখা পাব। ছাত্ৰ বা ছাত্ৰী গৰাকীক চানেকিটো ভালদৰে চাব কওক আৰু কিহৰ আকৃতি যেন লাগে অনুমান কৰক। কিছুমান ৰেখা আঁকি নিজৰ কল্পনা অনুসৰি চানেকি চিত্ৰ খন সম্পুৰ্ণ কৰিবলৈ দিয়ক। তেওঁনো এই চানেকিবোৰত কি দেখিছে সোধক। তেওঁ মন কৰিছেনে যে এফাল আনফালৰ যেনিবা আয়নাৰ প্ৰতিবিম্বহে। এনেকৈয়ে প্ৰতিসমতাৰ পৰিচয় দিয়ক। এতিয়া তেওঁক পানী ৰঙেৰে প্ৰতিসম বস্তু কিছুমান লৈ আধা বোলাল কওক- পাত, মূখৰ ভাগ, আয়না, এজোপা জছ আদি। ৰং কেচাঁই থাকোঁতে ভাঁজ কৰি আনফালে পূৰা কৰিব দিয়ক। পৰিৱৰ্তন/পৰিবৰ্ধন ছাত্ৰ/ছাত্ৰী গৰাকীয়ে প্ৰকৃতিৰ বিবিধ প্ৰতিসম বস্তু চাই উলিয়াওক আৰু তাৰ এখন তালিকা কৰক। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।