স্থান : শ্ৰেণী, ঘৰ গোটৰ আকাৰ : গাইগুটীয়া যোগাৰ : সাধাৰণাতে পেলাই দিয়া বা ব্যৱহাৰৰ পিচত পেলাই দিয়া নানা বস্তু উদ্দেশ্য পেলনীয়া বস্তুবোৰ নতুন কিবা সাজিবলৈ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি দেখুওৱা আৰু আৱৰ্জনাৰ পুনৰ্ব্যৱহাৰৰ ধাৰণা দিয়া। কি কৰিব আমি পেলাই দিয়া বস্তুবোৰৰ বহুখিনিয়ে বচাব পাৰি আৰু নানা প্ৰস্তুত কৰাত ব্যৱহাৰ কৰিব পাৰি। এনে কিছুমান বস্তু হৈছে বাতৰি কাকত, চিগাৰেটৰ খালী বাকচ আৰু অলুমিনিয়ামৰ পাত, জুইবাহ, জুইশলা, কাগজৰ বাকচ, বুটাম, ভঙা খাৰু, বটলৰ ঠিলা, কোৰোকা, সূতাৰ টুকুৰা, খালি জোতাৰ ৰঙৰ টেমা, পুৰণা বহীৰ বকলা, ফটা কাপোৰ। দৰ্জীৰ কটা কাপোৰৰ টুকুৰা, পুৰণা লাটুম, পাখি লাউ কোমোৰা আদিৰ গুটি, তেতেঁলীৰ গুটি, লাউৰ খোলা, ধান গমৰ তুঁহ্, পেলনীয়া কপাঁহ, বেঁকা গজাল, কাগজৰ পিন, কিলিপ,কাপোৰত মৰা পিন, ডাল, শুকান পাত, বল পেনৰ ৰিফিল, ৰেন্দাৰ চোঁচ, কাঠৰ গুৰি, দৰবৰ বটল আৰু সাঁফৰ । এই কাম কাজৰ বাবে তেনে কিবা কিবি ছাত্ৰ ছাত্ৰী সকলে লৈ আহিব। এই বস্তুবোৰেৰে তেওঁলোকৰ কামত অহা কিবা বস্তু তেওঁলোকক সাজিব কওক। পৰিৱৰ্তন/পৰিবৰ্ধন ভঙা ছিঙা বস্তু কিনা মানুহবোৰক কি কি বস্তু কিনে আৰু সেই বস্তুৰে কি কৰে সুধি জানি ল’বলৈ কওক। ঘৰলৈ অনা বস্তুবোৰৰ মাজত এনে কিছুমান বস্তু তেওঁলোকক চিনিব পাৰেনে, যিবোৰ পূৰ্ৱব্যৱহৃত বস্তুৰে তৈয়াৰী? উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।