স্থান : শ্ৰেণী, গৱেষণাগাৰ, ঘৰ, বাহিৰ গোটৰ আকাৰ : গাইগুটীয়া বা ৪/৫ জনীয়া যোগাৰ : ব্লেড, বজী, ব্লটিং কাগজ, আয়না পূৰ্ৱাৱশ্যকতা : বস্তুবোৰ ভালদৰে ব্যৱহাৰ কৰিব জানিব লাগিব। উদ্দেশ্য পতংগই কেনেকৈ পানীত ওপঙি থকা পতংগবোৰ দেখুৱাব। তেওঁলোকক এই প্ৰশ্নবোৰ সোধক : এই পতংগবোৰ পানীত কেনেকৈ ওপঙি থাকে? সিঁহত বুৰ নাযায় কিয়? তেওঁলোকক এতিয়া এইদৰে কৰিবলৈ দিয়ক এটা গিলাচত পানী ভৰোৱা। এখন ব্লেড লোৱা আৰু থিয়কৈ পানীত দি দিয়া। কি হ’ল টুকি লোৱা। এইবাৰ ব্লেড খন ভালদৰে শুকুৱাই আকৌ লোৱা। গিলাচৰ মূখতকৈ আকাৰত সৰু এটুকুৰা ব্লটিং কাগজ বা বাতৰি কাগজ লোৱা। কাগজ টুকুৰাৰ ওপৰত ব্লেড খন পথালিকৈ থোৱা। এতিয়া ব্লেড খনে সৈতে কাগজ টুকুৰা গিলাচৰ পানীৰ ওপৰত সাৱধানে থোৱা। কি হয় মন কৰা। কাগজ টুকুৰা কেতিয়া ক’লৈ গ’ল? ব্লেডখন কি হ’ল? পৰিৱৰ্তন/পৰিবৰ্ধন ব্লেড খনৰ সলনি এটা বেজী লৈও পৰীক্ষাটো কৰিব পাৰে। মূল্যায়ন এই পৰীক্ষাটোৰ দ্বাৰা ছাত্ৰ ছাত্ৰী সকলে তৰলৰ ‘পৃষ্ঠ টানে’ কিছুমান বস্তু বা জীৱক পানীত ওপঙাত কেনেকৈ সহায় কৰে তাক বুজি পাব। উৎস: শিকাৰ আনন্দ।