স্থান : বাহিৰ গোটৰ আকাৰ : গাইগুটীয়া যোগাৰ : ভিন ভিন গছ গছনিৰ পাত, পুৰণি বাতৰি কাকত, ডাঠ কাকত, আঠা, পেঞ্চিল। উদ্দেশ্য গছ গছনি আৰু পাত নিৰীক্ষণ কৰা আৰু সেই বোৰৰ আকাৰ আকৃতিৰ বিষয়ে জ্ঞান লাভ কৰা। কি কৰিব ছাত্ৰ ছাত্ৰী সকলক তেওঁলোকৰ আশ পাশৰ গছ গছনিৰ পাত যোগাৰ কৰিব কওক। পাতবোৰৰ কাষৰ ধৰণ অনুসাৰি পাতবোৰ ভাগ ভাগ কৰিব কওক- কাঁইটিয়া, ঢৌখেলা, নিমজ আদি। একে ধৰণৰ গছ গছনিৰ পাতো সদায় একে নে? গোটোৱা পাতবোৰ পুৰণা বাতৰি কাকতৰ মাজত সুমুৱাই থ’বলৈ কওক। পাতবোৰ শুকাই উঠিলে সেইবোৰ ডাঠ কাকত একো খিলাত আঠা লগাই থ’ব পাৰে, লগতে কি গছৰ পাত তাকো তলে তলে লিখি থ’ব। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।