উদ্দেশ্য চৰাইবোৰক পাখিয়ে কেনেকৈ নিতিতাকৈ ৰাখে তাক বুজোৱা। কি কৰিব ছাত্ৰ-ছাত্ৰীবোৰক বকলা কাগজৰ দুটা সৰু টুকুৰা ল’ব দিয়ক, তাৰে এটাৰ ওপৰত তেল ঘঁহি দিয়ক। এতিয়া দুয়োটা টুকুৰাৰ ওপৰত পানী চটিয়াই দিয়ক আৰু লক্ষ্য কৰিব দিয়ক। পানীয়ে কোনটো টুকুৰা টিয়াইছে? ইয়াৰ কাৰণ কি আলোচনা কৰক। এতিয়া তেওঁলোকক এটা পাখিৰ ওপৰত পানী চটিয়াই দিব দিয়ক। পাখিটোযে নিতিতে তাৰ ভিন ভিন সম্ভাৱনা আলোচনা কৰক। তেল আৰু পানী মিহলি নহয়। ছাত্ৰছাত্ৰীসকলক পাৰ বা ঘনচিৰিকা লৈ মন কৰিব কওক আৰু বুজাই দিয়ক যে চৰাইৰ তৈলগ্ৰন্থি থাকে আৰু সিহতে সদায় ঠোটেৰে পাখিত তেল দি থাকে। সিহতৰ কোন টুকুৰা ঠাইত তৈলগ্ৰন্থি থাকে তাকো কৈ দিয়ক। লগতে ক’বও পাৰে যে কোনো কোনো চৰাইৰ, যেনে পানী কাউৰী আদিৰ তৈলগ্ৰন্থি নাই আৰু সেয়ে সিহঁতে তিতিলে পাখি শুকুৱাব লাগে। আনহাতে হাঁহৰ তেল বেচি হোৱা বাবে সিহতে পাখি শুকুৱাব নালাগে। এই পৰিঘটনাটো যে বৰষুণত চৰাইৰ বাবে নাইবা হাঁহ আদিৰ দৰে পানীত চৰা চৰাইৰ বাবে বৰ সহায়ক তাকো আলোচনা কৰক। পৰিৱৰ্তন/পৰিবৰ্দ্ধন এটা স্বচ্ছ আয়নাৰ গিলাচত তেল, পানী ঢালি লওক আৰু চাবলৈ দিয়্ক যে তেল পানী মিহলি নহয়। যদি কোনো বিল, হ্ৰ্দ আদিলৈ ফুৰিবলৈ যায়, তেন্তে পানী কাউৰীৰ দৰে কোনো চৰায়ে পাখি শুকুৱাই থকা দেখিবলৈ পাব। উৎস: শিকাৰ আনন্দ।