স্থান : শ্ৰেণী গোটৰ আকাৰ : ৫-৭ সময় : ১৫ মিনিট যোগাৰ : প্ৰকৃতিৰ পৰা ৩০-৫০ বিধ বস্তু, যেনে পাখি, শিল, কড়ি, পাত, কুঁহিপাত, মাটি, ফল, ফুল, শুকান পাত, ভেঁকুৰ, আদি আৰু বস্তুবোৰ ঢাকিবলৈ এখন ডাঙৰ কাপোৰ। উদ্দেশ্য যিমান পাৰি সিমান উদ্দেশ্য ধৰ্মী নিৰীক্ষণেৰে মনোনিৱেশ ক্ষমতাৰ বৃদ্ধি। দেখা বস্তু মনত ৰখাৰ শক্তি বঢ়োৱা। কি কৰিব কোনো জৈৱিক পদাৰ্থৰ হানি নোহোৱাকৈ প্ৰকৃতিৰ পৰা প্ৰায় ৩০ বিধমান বস্তু গোটোৱা। এইবোৰ এখন ডাঙৰ ডলাত লৈ আনে নেদেখাকৈ এখন কাপোৰেৰে ঢাকি থওক। ছাত্ৰ ছাত্ৰী সকলক ডলাৰ চাৰিও ফালে থিয় হ’ব কওক। দহ চেকেণ্ড মাত্ৰ (গোটৰ বয়স চাই বেচি সময়ো দিব পাৰি) কাপোৰ খন আঁতৰাই দিয়ক আৰু তাৰ পিচত আকৌ ঢাকি দিয়ক। এতিয়া তেওঁলোকে দেখা সকলো বস্তুৰ তালিকা কৰিব কওক। পৰিৱৰ্তন/পৰিবৰ্ধন মানুহৰ হাতে কৰা বস্তু যেনে, কাপোৰ, কলম, পিন আদিৰ ১০-১৫ টা মান ডলা খনত লগ লগাই দিয়ক। এতিয়া তেওঁলোকে প্ৰাকৃতিক আৰু কৃত্ৰিম বস্তুৰ পৃথকে তালিকা কৰিব। এইটো এটা দলীয় খেল ৰুপে ল’ব পাৰে, অত্যাধিক চাৰিজন ছাত্ৰ ছাত্ৰীক লৈ একোটা একোটা দল কৰি। তেওঁলোকে বস্তুবোৰৰ আকাৰ, প্ৰধান লক্ষণ, ৰং, আকৃতি, কোনো এটা বস্তুৰ লগত মিলা বা নিমিলা, ক’ত পোৱা যায় আদিৰ ওপৰত ভিত্তি কৰিও তালিকা কৰিব পাৰে। মূল্যায়ন ছাত্ৰ ছাত্ৰী সকলে প্ৰায় পঞ্চাশ শতাংশ বস্তুৰ নাম মনত ৰাখিব আৰু তালিকা কৰিব পাৰিব লাগে। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।