স্থান : শ্ৰেণী, ঘৰ গোটৰ আকাৰ : ২-৩ যোগাৰ : সৰু মাটিৰ পাত্ৰ বা আগ কটা নাৰিকল, বীজ, মাটি উদ্দেশ্য হাতৰ কামত জীৱন্ত উদ্ভিদ ব্যৱহাৰ। কি কৰিব দুজন বা তিনি জনকৈ ছাত্ৰ ছাত্ৰী সকলে গোট বান্ধিব। প্ৰতিটো গোটে এটা সৰু মাটিৰ পাত্ৰ বা নাৰিকলৰ খোলা ল’ব। ইয়াত মাটি ভৰাই লওক। এই পাৰেবোৰত তেওঁলোকে মানুহৰ মুখ আঁকিব। এই ‘মূৰ’বোৰ এতিয়া খিৰিকি বা তেনে কোনো ঠাইত ৰাখিব যাতে ৰ’দৰ পোহৰ পায়। ‘মূৰ’বোৰত তেওঁলোকে নিজৰ চখ অনুসৰি সৰিয়হ, উৰহী, মাহ আদিৰ গুটি সিঁচিব আৰু মাজে সময়ে পানী দি থাকিব। ‘মূৰ’ত গজা সেউজীয়া অদ্ভূদ চুলিবোৰ চাওক। পৰিৱৰ্তন/পৰিবৰ্ধন মাটিৰ পাত্ৰৰ সলনি এই পৰীক্ষাটো আলুগুটি বা কিবা পাচলিৰেও কৰিব পাৰি। পাচলিটোত এটা গাঁত কৰি তাৰ ভিতৰ ফালে কপাহ বা মাটিৰ লেও দিয়ক। বীজবোৰ তাত সিঁচক আৰু পাচলিটো এখন পানী ভৰা কাঁহিত ৰাখক। মানুহৰ মূখখন অৱশ্যে আঁকিব নাপাহৰিব। ছাত্ৰ ছাত্ৰী সকলে সৰু ঘৰৰ আৰ্হি এটাও সাজিব পাৰে। সেইটো মাটি ভৰোৱা ডলা এখনত ৰাখিব। ঘৰটোৰ চাৰিওফালে ভিন ভিন বীজ সিঁচি দিয়ক। বাগিচাখন লহপহীয়াকৈ থন ধৰি উঠা চাব পাৰিব। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।