স্থান : শ্ৰেণী, বাহিৰ গোটৰ আকাৰ : ২ বা ৩ যোগাৰ : কাগজ, কলম উদ্দেশ্য গছেই জীৱৰ আশ্ৰয় স্থল। এই বিষয়ে ছাত্ৰ ছাত্ৰীক সজাগ কৰি তোলা। কি কৰিব প্ৰতিজন ছাত্ৰ/ছাত্ৰীকে একোজোপা গছ বাছি লব দিয়ক আৰু গছজোপা ভালদৰে নিৰীক্ষণ কৰিব কওক। প্ৰত্যেকেই নিজে বাছি লোৱা গছজোপাৰ আকৃতিৰ এটা ছবি আঁকি ল’ব। তেওঁ দেখা জীৱবোৰৰ স্থান তাত দেখুৱাব। গছ জোপা বা তাৰ ওচৰে পাজৰে দেখা প্ৰতিটো জীৱৰ বিষয়ে টোকা বহীত লিপিবদ্ধ কৰিব। বিত্ং বিৱৰণো ৰাখিব, যেনে কোন বিধ পখী, কীটপতংগ বা আন জীৱ দেখিছে, গছ ডালৰ কোন ঠাইত দেখিছে। কিমান কিমান দেখিছে? কোনো বাহ দেখিছেনে? চৰাই, জন্তু বা কীট পতংগবোৰে কি কৰি আছিল? ইত্যাদি। ছাত্ৰ ছাত্ৰী সকলে এবাৰতকৈ বেচিবাৰো গছ ডাল চাবলৈ যাব পাৰে। গছ ডালত বা ওচৰে পাজৰে থকা জীৱজন্তুৰ বিষয়ে মন কৰিব পাৰে। পৰিৱৰ্তন/পৰিবৰ্ধন এই জীৱবোৰৰ পাৰস্পৰিক আৰু গছ ডালৰ সৈতে সম্বন্ধ আলোচনা কৰক। পৰস্পৰ সম্বন্ধ থকা জীৱবোৰ লগ লগাই ৰেখা টানিব দিয়ক। উৎস: শিকাৰ আনন্দ।