স্থান : শ্ৰেণী গোটৰ আকাৰ : ৩-৪ সময় : ৩০ মিনিট যোগাৰ : তলৰ দ্ৰৱবোৰৰ একো গিলাচ : চেনি লোণ নেমু নিমপাতৰ ৰস চাৰিডাল শলাৰ মূৰত কপাহৰ একো একো চিকটা। উদ্দেশ্য মৌলিক সোৱাদ চাৰিটাৰ অনুভূতিৰ জিভাৰ যে চাৰিটা ভিন ভিন অঞ্চলত কেন্দ্ৰীভূত তাক দেখুওৱা। কি কৰিব চিত্ৰত দেখুওৱাৰ দৰে জিভা খনৰ এটা চিত্ৰ ব্লেকবোৰ্ডত আঁকক। তাৰ ভিন ভিন অঞ্চল বোৰত নম্বৰ দিয়ক। দ্ৰৱ চাৰিটা মেজ এখনৰ ওপৰত থওক। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে শলাত বন্ধা কপাহৰ টুকুৰা গিলাচত তিয়াব আৰু আৱধানে জিভাৰ অঞ্চল চাৰিটাত ক্ৰমে লগাব আৰু কাগজ এটুকুৰাত টোকা কৰি যাব- দ্ৰৱটোৰ সোৱাদ কি আছিল (মিঠা, টেঙা, লুণীয়া আৰু তিতাৰ ভিতৰত), জিভাৰ কোন অঞ্চলত সেই সোৱাদ সবাতোকৈ বেচি অনুভূত হৈছিল। তাৰ পিছত তেওঁলোকে পানীৰে মূখখন ভালদৰে ধুই পেলাব। এই পৰীক্ষাটো আন তিনিটা দ্ৰৱৰ ক্ষেত্ৰতো কৰিব। পৰীক্ষাটোৰ শেষত ছাত্ৰ ছাত্ৰী সকলে তেওঁলোকৰ টোকা ৰিজাই চাব। জিভাৰ কোনটো অঞ্চল কি সোৱাদৰ প্ৰতি বেচি অনুভৱক্ষম স্থিৰ কৰিব। তেওঁলোকে প্ৰত্যেকে এতিয়া জিভাৰ বিভিন্ন অঞ্চলৰ সোৱাদ মেপ আঁকিব। প্ৰতিটো অঞ্চলকে একো একোটা চিনেৰে চিহ্নিত কৰিব। পৰিৱৰ্তন/পৰিবৰ্ধন সোৱাদ লোৱাৰ উপৰিও জিভাৰ আৰু কি কি কাম? জীৱজন্তৱে তেওঁলোকৰ জিভা কি কি কামত খটুৱায়? ভেকুলী, কুকুৰ, সাপ, গৰু, শামুক, মেকুৰী আদিৰ কথা আলোচনা কৰিব। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।