স্থান : শ্ৰেণী, বাহিৰ গোটৰ আকাৰ : ৫-২০ সময় : ৩০ মিনিট যোগাৰ : গোটৰ প্ৰত্যেকৰে বাবে চকুত বন্ধা কাপোৰ পূৰ্ৱাৱশ্যকতা : গণিব জনা উদ্দেশ্য জনসংখ্যাৰ হেঁচা সম্পদৰ প্ৰাচুৰ্যৰ সৈতে কেনেকৈ সলনি হয় তাক বুজা। কি কৰিব শ্ৰেণীটোৰ এটা অংশৰ পৰা সকলোবোৰ আচবাব গুচাওক। পাঁচ গৰাকী ছাত্ৰীক চকুত বান্ধি দিয়ক আৰু মুকলি ঠাই খিনিত তেওঁলোকক চলাফুৰা কৰিব কওক। প্ৰতিজনে কেইবাৰ আন এজনৰ লগত খুন্দা খায় তাৰ হিচাপ ৰাখিব। ৩ মিনিটৰ পিচত ৰ’ব কওক, চকুৰ বান্ধ খুলি দিয়ক আৰু প্ৰতিজনৰে খুন্দাখোৱা সংখ্যা টুকি ৰাখক। খেল খন ১০, ১৫ আৰু ২০ জনেৰেও খেলাওক। চাব যাতে খেলৰ সময় একে থাকে আৰু প্ৰতি বাৰতে খুন্দা খোৱাৰ হিচাব টুকি ৰখা হয়। এতিয়া ছাত্ৰ ছাত্ৰী সকলক বাহিৰলৈ লৈ যাওক। এটা সুবিধা জনক অঞ্চল ঘেৰি লওক আৰু গোটেইবোৰ ছাত্ৰ ছাত্ৰী লৈ একেবাৰতে খেলটো খেলিব দিয়ক। ঘেৰি লোৱা অঞ্চল সৰু ডাঙৰ কৰি খেলটো কেবাবাৰো খেলক। প্ৰতি খন খেলৰ (শ্ৰেণী আৰু বাহিৰৰ দুয়োতে) বাবে খুন্দা খোৱাৰ বাৰংবাৰতা আৰু ভিৰৰ পৰিমাণৰ (অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু খেলৰ ঠাইৰ কালিৰ অনুপাত) মাজৰ সম্পৰ্ক নিৰ্ণয় কৰক। এতিয়া বুজাই দিয়ক যে ব্যৱহাৰ্য ঠাইও এক প্ৰকাৰ সম্পদ, যেনেকৈ ধন, আহাৰ (শক্তি) আদিও সম্পদৰ ওপৰত জনসংখ্যাৰ হেঁচাই ভাৰৰ সৃষ্টি কৰে। মূল্যায়ন প্ৰশ্ন কৰক : ১০০ টা মিঠাই শ্ৰেণীটোত ভগাই দিলে প্ৰত্যেকে কিমানটাকৈ পাব? শ্ৰেণীটোত যদি আধাহে ছাত্ৰ ছাত্ৰী থাকিলহেঁতেন, কিমানটাকৈ পালেহেঁতেন? যদি তোমাৰ পৰিয়ালৰ সংখ্যা চাৰিজন বাঢ়ি যায় আৰু আয় একে থাকে, তেন্তে ঠা, আহাৰ, কাপোৰ কানিৰ ক্ষেত্ৰত তোমাৰ ওপ্ৰত কেনে প্ৰভাৱ পৰিব? উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।