স্থান : বাহিৰ গোটৰ আকাৰ : ২ বা ৩ বা গাইগুটীয়া যোগাৰ : কাগজ, পেঞ্চিল উদ্দেশ্য পৰিৱেশৰ লগত অধিক সম্পৰ্কৰ উদ্গনি। অংকন অভ্যাস বঢ়োৱা। কি কৰিব ছাঁৰ সহায়ত চিত্ৰ অঁকা ছাত্ৰ ছাত্ৰী সকলক কোনো বাগিচা, খেতি পথাৰ বা জাৰণিলৈ যাব দিয়ক। হাতত উকা কাজগ আৰু পেঞ্চিল নিব। তেওঁলোকে গছ গছনি বা আন আন বস্তু আৰু ছাঁ নিৰীক্ষণ কৰিব। কোনো এটা ছাঁ বাছি ল’ব, যেনে এটা ডাল বা তেনে ধৰণৰ বস্তুৰ ছাঁ পৰা ঠাইডোখৰত কাগজ খিলা পাৰি দিব। এতিয়া ছাঁটোৰ কাষে কাষে আঁচ টানিব। তেওঁলোকে আন আন প্ৰাকৃতিক বস্তু বাছি ল’ব পাৰে। পৰিবেশৰ পৰা নিৰ্বাচন কৰা, মানুহৰ দ্বাৰা প্ৰস্তুত, আকৰ্ষণীয় সামগ্ৰীৰ ছাঁ ঘৰতো অংকন কৰিব পাৰে। পৰিৱৰ্তন/পৰিবৰ্ধন তেওঁলোকে কোনো এটা স্থিৰ বস্তু বাছি ল’ব পাৰে, যেনে পানীৰ নলী, গছৰ মূঢ়া আদি। দিনটোৰ ভিন ভিন সময়ত ইয়াৰ ছাঁ আঁকিব। হাতৰ বা অৱয়ৱৰ ছাঁও সৃষ্টি কৰিব। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।