স্থান : ঘৰ, বাহিৰ গোটৰ আকাৰ : গাইগুটীয়া বা পূৰা শ্ৰেণী সময় : কেবাদিন উপযুক্ত সময় : ওৰে বছৰে যোগাৰ : নালাগে উদ্দেশ্য এইবোৰৰ জ্ঞান দিয়া : ঘৰলৈ পানী কঢ়িওৱাত শক্তি খৰচ হয়। পানী এটা অতি আৱশ্যকীয় সম্পদ। পানী পোৱাটো নানা কথাৰ ওপৰত নিৰ্ভৰ কৰে। কি কৰিব ছাত্ৰ ছাত্ৰী সকলে তলৰ কথাখিনিলৈ মন কৰিব : ঘৰলৈ পানী কেনেকৈ আহে? ঘৰলৈ কোনে/কিহে আনে? ঘৰৰ কি কি কামৰ বাবে পানী লাগে? পানীৰ উৎসলৈ কিমান দূৰ? তোমাৰ ওচৰ চুবুৰীয়া মানুহে তোমালোকৰ দৰেই পানী পায়নে? পানীৰ উৎস কোনে নিয়ন্ত্ৰণ কৰে?কিয়? তোমাৰ ঘৰত প্ৰতিদিনে কমেও কিমান পানী লাগে? যদিহে কুঁৱাৰ পৰা অনা হয় : কুঁৱাৰ পৰা তিৰোতা মানুহে পানী কঢ়িয়াব লাগে কিয়? পানী আনোঁতে তেওঁলোকে কিমান সময় লয়? ঘৰত ব্যৱহাৰ কৰাৰ পিচত পানীখিনি ক’লঈ যায়? বছৰৰ কোন কোন সময়ত ডয়েৰিয়া আদি ৰোগ হয়? পৰিৱৰ্তন/পৰিবৰ্ধন খোৱা পানী কেনেকৈ বিশুদ্ধ কৰিব? পানীৰ উৎস কেনেকৈ পৰিষ্কাৰকৈ ৰাখিব? পুখুৰী? কুৱা? পানীৰ উৎসৰ ওচৰত কি কি কাম কৰিব নালাগে? উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।