স্থান : শ্ৰেণী গোটৰ আকাৰ : ২-৩ জনীয়া সময় : ৪০ মিনিট যোগাৰ : বকলা কাজগ, খেৰ, আঠা, তৰাহি, মাটি উদ্দেশ্য গছৰ সুস্থিৰতা প্ৰদানত শিপাৰ গুৰুত্বৰ প্ৰতি সজাগ কৰা। কি কৰিব ছাত্ৰ ছাত্ৰী সকলে সৰু সৰু গছৰ আৰ্হি ডাঠ কাগজেৰে সাজিব। তেওঁলোকে আৰ্হিবোৰত খেৰ বা ৰঙীণ কাগজ লগাব পাৰে। ভিন ভিন আকৃতিৰ আৰু আকাৰৰ গছ সাজিব দিব। এতিয়া সেইবোৰ মেজত থ’ব। বেচি ভাগ গছেই থিয় হৈ নাথাকে। কথাটো তেওঁলোকৰ লগত আলোচনা কৰিব। তেওঁলোকৰ আৰ্হিত কি দিয়া হোৱা নাই তাকো সুধিব। সাধাৰণতে তেওঁলোকে শিপা নিদিয়াকৈয়ে গছৰ আৰ্হি সাজিব। এতিয়া সূতা, ৰচি বা খেৰৰ শিপা সাজি গছবোৰত লগাব। এতিয়া থাল এখনত কিছু মাটি লৈ গছ্বোৰ ৰুই এখন সৰু হাবি সাজিব। এই কামৰ ওপৰত ভিত্তি কৰি শিপাৰ বিষয়ে এটা আলোচনা কৰিব। পৰিৱৰ্তন/পৰিবৰ্ধন শিপাৰ আন আন কামৰ বিষয়ে ব্যাখ্যা কৰিব। ভিন ভিন ধৰণৰ শিপা দেখুৱাব। আমি খাদ্য ৰুপে ব্যৱহাৰ কৰা কিবা শিপা আছেনেকি তাকো সুধিব। মূল্যায়ন তেওঁলোকে ঘৰত খাদ্য ৰুপে ব্যৱহৃত শিপাৰ এখন তালিকা কৰিব। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।