স্থান : ঘৰ, বাহিৰ গোটৰ আকাৰ : পূৰা শ্ৰেণী সময় : প্ৰায় ৮ সপ্তাহ উপযুক্ত সময় : বাৰিষা যোগাৰ : নেমুৰ গুটি, ফুলৰ গামলা, মাটি, সাৰ উদ্দেশ্য অকণমানি গুটি এটাৰ পৰা ভালদৰে আপডাল কৰিলে কেনেকৈ সুন্দৰ গছ হয়গৈ সেই বিষয়ে ছাত্ৰ সকলক নিজেই চাবলৈ দিয়া। কি কৰিব ছাত্ৰ ছাত্ৰী সকলক নেমুৰ গুটি আনিৱ কওক। গুটিবোৰ ৮-১০ ঘণ্টা মান পানীত তিয়াব দিয়ক (অৰ্থাৎ ৰাতিটোৰ বাবে)। ইতিমধ্যে তেওঁলোকে গামলা (tub)ত মাটি ভৰাই সাৰ দি লওক। এতিয়া গুটিবোৰ ১.৫ চে.মি. মানলৈকে গামলাৰ মাটিত পুতি দিয়ক আৰু মাটিখিনি সামান্যতিতাকৈ ৰাখিব। গামলাটো ছাঁ পৰা ঠাইত ৰাখিব। গামলাটোত সপ্তাহত কমেও এবাৰ বা দুবাৰ পানী দিব। (প্ৰতিদিনে পানী দিলে গুটিটো পচি যাব)। ঠিকমতে নিয়মীয়াকৈ পানী দিলে প্ৰায় ৮ সপ্তাহৰ ভিতৰত গুটিবোৰে গাজ মেলিব। পুলিটো অলপ ডাঙৰ হ’লে শিপা নষ্ট নোহোৱাকৈ সেইটো উভালি নিব পাৰিব আৰু বাহিৰৰ ক’ৰবাত ৰুই দিব। গৰু, ছাগলী বা আন জন্তৱে সেইটো গচকি বা খাই নেপেলায়, তাৰ বাবে পুলিটোৰ চৰিওফালে বেৰ দিদিব। আপোনাৰ স্কুলৰ কামৰ লগতে গছ পুলিটো আপডাল কৰিব। পৰিৱৰ্তন/পৰিবৰ্ধন আন আন ফলমূলৰ গুটি যোগাৰ কৰক আৰু সেইবোৰ ৰোৱক। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।