স্থান : ঘৰ, বাহিৰ, শ্ৰেণী গোটৰ আকাৰ : ২ সময় : ১৫-২০ মিনিট যোগাৰ : এডাল স্কেল বা জোখা ফিটা, এডাল পেঞ্চিল বা এছাৰি উদ্দেশ্য গছ এজোপাৰ উচ্চতা জোখ। কি কৰিব গছ এজোপাৰ উচ্চতা জিখৰ নানা উপায় আছে। তাৰে এটা ইয়াত দেখুওৱা হৈছে। ছাত্ৰ ছাত্ৰী সকলক এনেকৈ শিকাওক : উচ্চতা জুখিব খোজা এজোপা গছ বাছি লোৱা। এতিয়া গছ জোপাৰ পৰা আঁতৰি গৈ থাকা, যাতে গছ জোপাৰ সম্পুৰ্ণ উচ্চতা দেখা পোৱা যায়। এডাল পেঞ্চিল, মাৰি বা স্কেল থিয়কৈ হাতত লোৱা আৰু হাত খন সম্পূৰ্ণ মেলি ধৰা। মাৰিডাল এনেকৈ লোৱা যাতে ইয়াৰ আগটোৰে চাই পঠিয়ালে গছ জোপাৰ আগটোহে দেখা (অৰ্থাৎ তোমাৰ চকু, মাৰিৰ আগ আৰু গছ জোপাৰ আগ একে ৰেখাত পৰে)। এতিয়া মাৰি ডালেৰে বুঢ়া আঙুলিটো পিছলাই তললৈ নিয়া যাতে তুমি বুঢ়া আঙুলিটোৰ আগেৰে চালে গছ জোপাৰ গুৰিটো ডেকঃঅ। (কি কি একে ৰেখাত পৰিব?) বুঢ়া আঙুলি একে ঠাইতে ধৰি থাকা আৰু মাৰি ডাল এক সমকোণত ঘূৰোৱা, অৰ্থাৎ থিয় অৱস্থাৰ পৰা আনুভূমিক কৰা। বুঢ়া আঙুলিৰ আগটো গছ জোপাৰ গুৰিৰে সৈতে একে সৰল ৰেখাত ৰাখি মাৰি ডালৰ আনটো মূৰৰ পৰা গছ জোপাৰ ওচৰলৈ কিমান দূৰ হয় চোৱা। এতিয়া তোমাৰ এজন বন্ধুক তুমি থিয় হৈ থকা ঠাইৰ পৰা গছ গোপাৰ গুৰিলৈ খোজকাঢ়ি যাব কোৱা (পাৰিলে এখন ভৰি চোঁচৰাই নি, যাতে এটা চিন ৰৈ যায়)। এইবাৰ তেওঁ এই চিনটোৰ সমকোণত খোজ কাঢ়ি যাব আৰু তমি তেওঁক তোমাৰ হাতৰ এছাৰিৰ আগটোৰ পোনে পোনে দেখিলে তেঁও ৰৈ যাব। তেওঁ তাতে চিন এটা দিব। এই চিন্টোৰ পৰা গছ জোপাৰ গুৰিলৈ জোখা, এইছোৱা গছ জোপাৰ মোটামুটি উচ্চতা। পৰিৱৰ্তন/পৰিবৰ্ধন একেদৰে কোনোবা এজন মানুহ আৰু ঘৰ একোটাৰো উচ্চতা জুখিব কওক। পাৰিলে মানুহ জন বা ঘৰটোৰ আচল উচ্চতাৰ লগত এই জোখ তুলনা কৰক। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।