স্থান : শ্ৰেণী, বাহিৰ, ঘৰ গোটৰ আকাৰ : ৫-৬ সময় : এঘণ্টা উপযুক্ত সময় : বসন্ত (ফাকুৱাৰ সময়) যোগাৰ : কাগজ, ক’লা বা আন চিয়াহী, ফুল, পাত, কপাহ উদ্দেশ্য ছাত্ৰ ছাত্ৰী সকলে প্ৰাকৃতিক বস্তু ব্যৱহাৰৰ মোল বুজা। উদ্ভিদ বিজ্ঞানৰ প্ৰতি ৰাপ লগোৱা। ৰং প্ৰস্তুত কৰা আৰু ব্যৱহাৰ কৰাত পটু কৰা। কি কৰিব ৰাসায়নিক ৰং ওলোৱাৰ আগেয়ে মানুহে ঘাঁহ বন, গছ গছনি, জীৱ জন্ত, শিল আদিৰ পৰা ৰং প্ৰস্তুত কৰি লৈছিল। আজিকালিও ভাৰতৰ নানা শিল্পীয়ে উদ্ভিদ জাত ৰং ব্যৱহাৰ কৰি কাপোৰত চানেকি আঁকে। গছ বনৰ পৰা ৰং প্ৰস্তুত কৰক। সোণাৰুৰ ফুলৰ পৰা সোণালী ৰং পোৱা যায়। ফুলবোৰ পানীত সিজাই ছেকিব লাগে। হালধীৰ পৰাও হালধীয়া ৰং পাব পাৰি। কেঁচা হালধী থেকেচি পানীত তিয়াব লাগে আৰু পিছত ছেকি ল’ব লাগে। ছাত্ৰ ছাত্ৰী সকলে কলাৰ শ্ৰেণীত গছ বনৰ ৰং প্ৰস্তুত্ কৰি ব্যৱহাৰ কৰিব পাৰে- কাপোৰ আৰু কাগজতো। এবাৰ গছ বনৰ ৰঙৰ কথা জানিলে ল’ৰা ছোৱালীয়ে নানা ফুল, পাত, বাকলি আদি থেকেচি পানীত তিয়াই ৰং প্ৰস্তুত কৰিব পাৰিব। শুকালে সেইবোৰৰ ৰং সলনি হ’ব বুলি অৱশ্যে তেওঁলোকে জনা উচিত। তেওঁলোকে ক’লা চিয়াহীৰে সীমনা বা বহিৰ্লেখা আঁকি ল’ব। পিচত জুইশলা এডালত অলপ কপাহ বান্ধি ৰং ঘঁহা তুলিকা কৰিব পাৰে। পৰিৱৰ্তন/পৰিবৰ্ধন তলত দিয়া বস্তুবোৰৰ পৰা ৰং প্ৰস্তুত কৰিব পাৰি : গছ বন ৰং সিন্দুৰ গছৰ গুটি ৰঙা প্ৰস্তুত চাহ মুগা জামু (ফল), বেঙুনীয়া আঙুৰ বেঙুনীয়া মূল্যায়ন কেনে ধৰণৰ গছ গছনিৰ পৰা মানুহে ৰং প্ৰস্তুত কৰিব পাৰে? উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।