স্থান : বাহিৰ গোটৰ আকাৰ : দুই তিনি জনীয়া বা অকলে সময় : ৩০ মিনিট উপযুক্ত সময় : গছত পাত থকা যিকোনো সময় যোগাৰ : কাগজ কলম উদ্দেশ্য দূৰৰে পৰা গছৰ আকৃতি চিনি পাবলৈ শিকা। কি কৰিব ছাত্ৰ ছাত্ৰী সকলক নানা ধৰণৰ গছ গছ্নি দেখাৰ সুবিধা থকা এডোখৰ ঠাইলৈ নিব। তেওঁলোকক কোনো এজোপা গছ পূৰাকৈ দেখা পোৱা এটা দূৰত্বত থিয় হ’বলৈ কওক। গছজোপাৰ আকৃতি, প্ৰসাৰ আৰু শাখাবোৰৰ গঠন সম্পৰ্কে লক্ষ্য কৰিবলৈ কওক। একে ধৰণৰ অন্য গছৰ বাবেও এই কাম কৰিবলৈ দিয়ক। আকৃতি একেই আছেনে? এতিয়া ভিন ভিন ধৰণৰ গছ নিৰীক্ষণ কৰিব দিয়ক। তেওঁলোকক থূলমূল আকৃতিৰ ওপৰত নিৰ্ভৰ কৰি গছ গছনিৰ বৰ্গীকৰণ কৰিবলৈ উদগনি দিব। পৰিচিত কোনো বস্তু বা আকৃতি, যেনে কণী, ছাতি, দণ্ড, শংকু, ত্ৰিভূজ বা ওলোটা ত্ৰিভূজ, আদিৰ সৈতে তুলনা কৰি ছাত্ৰ ছাত্ৰী সকলে গছৰ আকৃতিৰ বৰ্ণনা দিব পাৰে। তেওঁলোকক যিমান বেচি পাৰে গছ গছনিৰ নাম ক’ব দিয়ক আৰু সেইবোৰৰ আকৃতিৰ ওপৰত নিৰ্ভৰ কৰি বৰ্গী কৰণ কৰিব কওক। পৰিৱৰ্তন/পৰিবৰ্ধন থেপথেপিকৈ থ’কিলে গছৰ আকৃতি সলনি হয়নে? কাৰণ ক’ব পাৰিবনে? মূল্যায়ন ছাত্ৰ ছাত্ৰী সকলে দূৰৰে পৰাই গছ এজোপা চিনি পাবনে? উৎস: শিকাৰ আনন্দ।