স্থান : শ্ৰেণী, বাহিৰ গোটৰ আকাৰ : পুৰা শ্ৰেণী সময় : ৩০ মিনিট যোগাৰ : নালাগে উদ্দেশ্য ছাত্ৰ ছাত্ৰী সকলক কীট পতংগৰ আলোচনাত লিপ্ত কৰোৱা আৰু তেওঁলোকে সিঁহতৰ কাক ভাল পায় কাক বেয়া পায় তাকো আলোচনা কৰা। কি কৰিব ছাত্ৰ ছাত্ৰী সকলৰ সৈতে কীট পতংগৰ বিষয়ে আলোচনাৰে আৰম্ভ কৰক। তেওঁলোকক কোনো বাগিচা বা খেল পথাৰলৈ নি কীট পতংগ নিৰীক্ষণ কৰিবলৈ আৰু চিনাক্ত কৰিবলৈ কওক। এনেকৈ পৰিচয় হোৱাৰ পিচত শিক্ষকে তেওঁলোকৰ প্ৰত্যেককে একো একোটা কীট পতংগৰ কথা ভাবিব ক’ব। তেওঁ ভবা সেই কীট পতংগটো তেওঁ কিয় ভাল বা বেয়া পায় তাকো সুধিব। উদাহৰণ : এজনে হয়তো ক’ব : “মাখি মই বৰ বেয়া পাওঁ, সিহঁত অতি লেতেৰা” বা “মাখি মই বেয়া পাওঁ, সিহঁতে বৰ লেতেৰা ঠাইত পৰে”। আন এজনে হয়তো ক’ব : “মই পখিলা ভাল পাওঁ, সিহঁত বৰ ধুনীয়া” বা তৃতীয় এজনে হয়তো ক’ব : “মই মৌ মাখি ভাল পাউঁ, কাৰণ সিহঁতে মিঠা মৌ গোটায়”। শিক্ষকে তেতিয়া কীট পতংগৰ উপকাৰিতা আৰু অপকাৰিতাৰ কথাৰ অৱতাৰণা কৰিব। কোনো কোনো কীট পতংগই ফুলৰ পৰাগণত সহায় কৰে, যেনে মৌ মাখি, পখিলা আদি। গাগিনী, কুঠৰীয়া আদিয়ে কেবাবিধো কীট পতংগ খায় আৰু তেনেকৈ কীট পতংগৰ সংখ্যা নিয়ন্ত্ৰণ কৰে। পখিলা আদিৰ দৰে কোনো কীট পতংগ দেখিবলৈও ধুনীয়া। পৰিৱৰ্তন/পৰিবৰ্ধন কোনো কীট পতংগ তেওঁলোকে কিয় ভাল পায় বা বেয়া পায় তাক তেওঁলোকৰ মাজতে আলোচনা কৰিব। ‘শুদ্ধ’ বা ‘ভুল’ বুলি কোৱাৰ পৰা বিৰত থাকিব। ছাত্ৰ ছাত্ৰী সকলে তেওঁলোকৰ ঘৰত থকা কীট পতংগবোৰ নিৰিক্ষণ কৰিব। উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।