উদ্দেশ্য ৰঙীণ কাগজৰ মালা প্ৰস্তুত কৰা। কি কৰিব শিক্ষকে এই সহজ অথচ আকৰ্ষণীয় কামটো কৰাব পাৰে। ৰঙীণ কাগজখনৰ পৰা ঘূৰণীয়া টুকুৰা এটা কেচিৰে কাটি লওক। এনে কৰাৰ বাবে প্ৰথমে এটা বৃত্ত আকি তাৰ খাঁচ কাটি উলিয়াব পাৰিব। চিত্ৰত দেখুওৱাৰ দৰে প্ৰতি টুকুৰা ঘূৰণীয়া কাগজ ফুট ফুট আঁচেদি কাটি লব। টুকুৰাটোৰ মাজেদি এটা বিন্ধা কৰিব। কেবাডোখৰ এনেকৈ কাটি লোৱাৰ পিছত এডাল সূতা বিন্ধাটোৱেইদি ভৰাই দুই মূৰ গাঠি লব। এতিয়া মালা তৈয়াৰ হ’ল। মালা ধাৰিনো কাক দিবলৈ ভাল পাব সেই বিষয়ে ছাত্ৰছাত্ৰীক সুধিব। পৰিৱৰ্তন/পৰিৱৰ্দ্ধন ভিন ভিন ৰঙৰ আৰু ঘূৰণীয়াৰ বাহিৰেও আন আকৃতিৰো টুকুৰা কৰিব পাৰি। যেনে, ত্ৰিভুজাকাৰ, বৰ্গাকাৰ, তৰাৰ দৰে আদি। মালা ধাৰি আন ধৰণেৰেও সাজিবলৈ যত্ন কৰিব পাৰে। আমাৰ চাৰিওফালে দেখা নানা ফুলৰ দৰে ফুলো ছাত্ৰছাত্ৰীয়ে সাজিব পাৰিবনে? উৎস: শিকাৰ আনন্দ।